দক্ষিণ কামৰূপৰ পলাশবাৰী ৰাজহ চক্ৰৰ অধীনৰ বৰিহাটস্থিত বেলিকিডছ এডুকেয়াৰ নামৰ প্ৰাক প্ৰাথমিক শৈক্ষিক প্ৰতিষ্ঠানটোৱে ১২ এপ্ৰিলৰ পৰা ১৯ এপ্ৰিললৈ বাৰ্ষিক বিদ্যালয় সপ্তাহ অনুষ্ঠিত কৰাৰ লগতে কণ কণ মইনা,শিক্ষক অভিভাৱক আৰু স্থানীয় ৰাইজৰ সহযোগিতাত বিদ্যালয় সপ্তাহৰ সামৰণিৰ লগতে উদযাপন কৰে বেলি বসন্ত উৎসৱ । বিদ্যালয় সপ্তাহ উপলক্ষে আয়োজিত বেলি বিকাশ সপ্তাহ শীৰ্ষক এলানি অনুষ্ঠানৰ অধীনত খেল-ধেমালি,বৌদ্ধিক , সাহিত্যিক আৰু ভাষাগত বিকাশৰ বাবে আকস্মিক বক্তৃতা,দলীয় কুইজ,আবৃত্তি প্ৰতিযোগিতা, সাংস্কৃতিক আৰু সামাজিক বিকাশৰ বাবে গান,অভিনয়,বিহুনাচ, বিহুগীত আদিৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় ।বিভিন্ন শিতানত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা মুঠ ৪৭ গৰাকী মইনাক ১৯ এপ্ৰিলত বঁটা আৰু মানপত্ৰ প্ৰদান কৰাৰ লগতে অংশগ্ৰহণ কৰা প্ৰতিগৰাকী মইনাকেই পুৰস্কৃত কৰা হয় ।এই উপলক্ষে আয়োজিত অনুষ্ঠানত উপস্থিত থাকে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা নৱাৰুণ সাহিত্য সভা,আমৰাঙা বৰিহাটৰ প্ৰাক্তন উপ সভাপতি কৰুণা কান্ত মহন্তৰ লগতে আমৰাঙ্গা বৰিহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী নাৰায়ণ চন্দ্ৰ দাস ।অনুষ্ঠানৰ আৰম্ভণিতেই প্ৰতিষ্ঠানখনৰ সকলো মইনাৰ লগতে শিক্ষক-অভিভাৱক সমাজে উক্ত বিশিষ্ট ব্যক্তি দুগৰাকীৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ গ্ৰহণ কৰে ।আজিৰ অনুষ্ঠানটি বেলিকিডছ এডুকেয়াৰৰ কণ-কণ মইনাসকলৰ বিহুগীত আৰু বিহুনাচেৰে মুখৰিত হৈ পৰে ।অনুষ্ঠানটিত বেলিকিডছৰ সঞ্চালক ৰত্ন দাসৰ লগতে পৰিচালন সঞ্চালক মীনাক্ষী চৌধুৰী উপস্থিত থাকি উপস্থিত ৰাইজ তথা অভিভাৱকৰ সহযোগিতাৰ বাবে সদৌটিকে ধন্যবাদ জ্ঞাপন কৰে ।অনুষ্ঠানটি পৰিচালনা কৰে বেলিকিডছৰ অংশকালীন শিক্ষয়িত্ৰী তথা ঘোষিকা শিখাৰাণী ঠাকুৰীয়াই ।
Trending
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি
- পথিকৰ উদ্যোগত পদুমবড়ীত বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন
- কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত জালুকবাৰী থানা এলেকাৰ দুৰ্গা পূজা উদযাপন আৰু বিসৰ্জন বিষয়ক সভা সম্পন্ন
- Bringing Healthcare Closer to People: Health Camp Held in Kamrup under Seva Sankalp Abhiyan