দিছপুৰ প্ৰেছ ক্লাৱে আজি ক`ৰণা অতিমাৰীৰ সময়ত মানৱ সেৱাৰ্থে অহোপুৰুষাৰ্থ কৰা ৰাজ্যৰ বহু বিশিষ্ট লোকক সন্মান জনায়। প্ৰেছ ক্লাৱৰ সভাপতি নৰেন হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ধ্ৰুৱজ্যোতি বৰা, প্ৰাক্তন আৰক্ষী আয়ুক্ত প্ৰদীপ শালৈ, বিশিষ্ট সমাজকৰ্মী শংকৰ দাস, জ্যেষ্ঠ সাংবাদিক বৈকুন্ঠ গোস্বামী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। দিছপুৰ প্ৰেছ ক্লাৱৰ তৰফৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডা: অচ্যুৎ চন্দ্ৰ বৈশ্য, অধীক্ষক ডা: অভিজিৎ শৰ্মা, নগৰ আৰু গাঁও পৰিকল্পনা অসমৰ মুখ্য অভিযন্তা দেৱজিৎ দাস, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য অভিযন্তা বিশ্বদ্বীপ দাস, কেমিষ্ট এণ্ড ড্ৰাগিষ্টছ এছ’চিয়েশ্যন অৱ আছামৰ সভাপতি এন এল আগৰৱাল আৰু জিতু বৰ্মন, সমাজকৰ্মী ৰবী ছৌধুৰী, বিধানসভা স্বাস্থ্য কেন্দ্ৰৰ ভেষজ বিষয়া সুধীৰ চন্দ্ৰ সাহা, ডি চি পি শুভ্ৰজ্যোতি বৰা, সাংবাদিক পুলিন্দ্ৰ দেৱ শৰ্মা, কৌশিক কুমাৰ ডেকা, বলোৰাম দাস, জয়ন্ত কুমাৰ দাস, দিব্যজ্যোতি ৰাভা, সমাজকৰ্মী মুন আলী, বাতৰি বিতৰক ভৱেন বৰ্মন ক সম্বৰ্ধনা জনায়। সম্বৰ্ধনা গ্ৰহন কৰি ডা: অচ্যুৎ বৈশ্যই কয় যে চিকিৎসকৰো এখন হৃদয় আছে, একেই আত্মাৰ মানুহ। ক’ভিড পৰিস্থিতিত জি এম চি এইছত ক’ভিড ৰোগীক অকণো কৃপনালি নকৰাকৈ চিকিৎসা আগবঢ়োৱা হৈছে। সাধাৰণ ৰোগীকো সমানেই সেৱা আগবঢ়াইছে চিকিৎসকে। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ধ্ৰুৱজ্যোতি বৰাই দিছপুৰ প্ৰেছ ক্লাৱৰ প্ৰচেষ্টাৰ শলাগ লয় আৰু অতিমাৰীৰ সময়ত চিকিৎসক, নাৰ্চ, স্বাস্থ্যকৰ্মীকে ধৰি সন্মুখৰ পৰা আন সকলোৱে আগবঢ়োৱা সেৱাৰ কথা উল্লেখ কৰে। বিশিষ্ট সমাজকৰ্মী শংকৰ দাসে সাৰুৱা ভাষণত কয় যে বগা ৰুমাল এখনত সৰু দাগ এটা থাকিলেও বহুতে দাগটোৰ প্ৰতিহে লক্ষ্য কৰে। আমি দুৰ্যোগ, দু:সময়ত মানৱ কল্যাণৰ হকে কাম কৰা সকলক উদ্গনি যোগাব লাগিব। দিছপুৰ প্ৰেছ ক্লাৱে এই কাম কৰিছে।
Trending
- NSE Enables Instant Order Acknowledgement in Nanoseconds Across All Segments
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়
- লেখিকা মণিৰূপা মিশ্ৰৰ ‘অনুভৱৰ কেইটিমান পৃষ্ঠা’ কাব্যগ্ৰন্থ উন্মোচন
- গুৱাহাটীৰ কাষৰীয়া মেঘালয় সীমান্তবৰ্তী পথ আৰু অঞ্চলত আৰক্ষী – প্ৰশাসনৰ ব্যাপক সতৰ্কতা- প্ৰৱেশ পথত চি চি টি ভি স্থাপন
- গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ছাত্ৰ দিৱস উদযাপন
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী