দীপাৱলী আৰু কালি পূজাৰ প্ৰাকক্ষণত পথ সুৰক্ষামূলক সজাগতা সভা অনুষ্ঠিত

0 137

অসম চৰকাৰৰ পৰিবহন বিভাগৰ উদ্যোগত তথা কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতি আৰু সদিচ্ছাৰ সহযোগত পথ-সুৰক্ষা সজাগতা অনুষ্ঠান কালি অনুষ্ঠিত হয়। চানমাৰি অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত অসম আন্তৰ্জাতিক বাণিজ্য মেলাৰ বাকৰিত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটোৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলা পৰিবহণ বিভাগৰ সহকাৰী আয়ুক্ত গৌতম দাসে।

অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্জ্বলন কৰে বিশিষ্ট অভিনেত্ৰী চেতনা দাস, অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত,প্ৰণয় বৰদলৈ,বিতোপন বৰবৰা আৰু কণ্ঠশিল্পী কল্লোল বৰঠাকুৰে।

ইয়াৰ পিছতে ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ ভালেকেইগৰাকী ব্যক্তি অতিথি হিচাপে উপস্থিত থাকি দুৰ্ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত বক্তব্য প্ৰদান কৰে। অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈয়ে কয় যে, যদি মিনিট হিচাপে লক্ষ্য কৰা যায়,তেন্তে দেখা যায় যে, প্ৰতি ৩ মিনিটত এজনকৈ লোকে পথ দুৰ্ঘটনাত অকাল মৃত্যুক আঁকোৱালি লয়।এই পৰিসংখ্যা কৰ্কট বা অন্যান্য যি মহামাৰী আছে সেইবিলাকতকৈয়ো অধিক হাৰত পথ দুৰ্ঘটনাই প্ৰাণ লৈছে। ই এক অত্যন্ত ভয়াৱহ পৰিস্থিতিৰ দিশে গতি কৰিছে। বিশ্বৰ ভিতৰতে ভাৰতত পথ দুৰ্ঘটনাৰ হাৰ অধিক বুলি মন্তব্য কৰে।

অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই নিজৰ জীৱনত ঘটা পথ দুৰ্ঘটনাৰ আঁত ধৰি কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে। মানসিক চাপ,অমনোযোগিতা আৰু মোবাইল ফোনৰ বাবে প্ৰায়েই পথ দুৰ্ঘটনা সংঘটিত হয় বুলি তেখেতে কয়।লগতে কয় যে, যান-বাহন চালকক আৰক্ষীয়ে যি দৰে সুৰা সেৱন কৰা নকৰা পৰীক্ষা কৰে। একেদৰে ড্ৰাগছ সেৱন কৰি গাড়ী চলোৱা চালকৰ ক্ষেত্ৰতো একেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়।

অনুষ্ঠানত সাংবাদিক প্ৰাণজিত শইকীয়া, বিতোপন বৰবৰা, অভিনেত্ৰী চেতনা দাস, গুৱাহাটী মহানগৰ যান-বাহন নিয়ন্ত্ৰণ শাখাৰ এচিপি দাধৰাকে ধৰি ভালেকেইগৰাকী ব্যক্তি উপস্থিত থাকি বক্তব্য প্ৰদান কৰে। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি কল্লোল বৰঠাকুৰে এটি গীত পৰিবেশন কৰে। শিল্পীগৰাকীয়ে পথ-সুৰক্ষাৰ পঞ্চসূত্ৰৰ আধাৰত এটি গীত সুৰ আৰু সংগীতেৰে সজাই গীতটি পৰিবেশন কৰে।

উল্লেখযোগ্য যে, পথ-সুৰক্ষাৰ পঞ্চসূত্ৰ হৈছে- (১) তীব্ৰগতি পৰিহাৰ কৰক,দুৰ্ঘটনা এৰাই চলক,(২) নিচাযুক্ত দ্ৰব্য সেৱন কৰি গাড়ী নচলাব,(৩) গাড়ী চলাই থাকোতে মোবাইল ফোন ব্যৱহাৰ নকৰিব,(৪)দুচকীয়া বাহন চলাওঁতে চালক আৰু আৰোহীয়ে হেলমেট পৰিধান কৰক আৰু (৫) গাড়ী চলাওঁতে চিট বেল্ট ব্যৱহাৰ কৰক আৰু সুৰক্ষিত থাকক।

আনহাতে সদিচ্ছাৰ সদস্যসকলে এখন প্ৰতীকী নাট আৰু মুকাভিনয় প্ৰদৰ্শন কৰে। আনহাতে অভিনেতা সুৰজ কলিতাই পথ-সুৰক্ষাৰ আধাৰত স্ব-ৰচিত কবিতা আবৃতি কৰি সভাত উপস্থিত থকা ৰাইজক আমোদ দিয়ে। অনুষ্ঠানৰ শেষত “আহক আমি সকলোৱে মিলি এখন দুৰ্ঘটনামুক্ত অসম গঢ়ো” বাণীৰে উপস্থিত সকলোৱে সংকল্প গ্রহণ কৰে।

Leave A Reply

Your email address will not be published.