দুগ্ধ ফাৰ্মৰ জৰিয়তে স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিছে জামুগুৰিহাটৰ দুই যুৱকে

0 225

মন কৰিলে চন, বাকৰি মাটিতে ধন এই বাক্যষাৰীক শিৰোগত কৰি লখিমপুৰ জিলাৰ জামুগুৰিহাটৰ বগাবিলত দুজন শিক্ষিত নিবনুৱা যুৱক ক্ৰমে পদ্ম কাৰ্কি আৰু প্ৰদীপ ঘিমৰেই দেখুৱাইছে স্বাৱলম্বীতাৰ সুন্দৰ নিদৰ্শন । এই দুইজন যুৱকে আত্মসহায় গোটৰ পৰা ঋণ লৈ ১৯ টা ঝাৰ্চি গৰুৰ কিনি ফাৰ্মৰ জৰিয়তে দুগ্ধ উৎপাদনৰে পৰিয়াল পোহপাল দিয়াৰ লগতে স্বাৱলম্বীতাৰ সুন্দৰ পথ দেখুৱাইছে । আৰু বৰ্তমান তেওঁলোক হাজাৰজনৰ বাবে আদৰ্শ হৈ পৰিছে। যুৱক দুজনে আমাক জনোৱা মতে অনাগত দিনত ঝাৰ্চি গৰু ওপৰিও হাঁহ, কুকুৰা পালন কৰাৰ পৰিকল্পনা আছে। জানিব পৰা পৰা তেওঁলোকৰ ফাৰ্মৰ পৰা লকডাউনৰ সময়চোৱাত প্ৰতি দিনে ৭০ লিটাৰ গাখীৰ কন্যকা দুগ্ধ ফাৰ্মত দিবলৈ সক্ষম হৈছে । উল্লেখযোগ্য যে এই ফাৰ্ম খন ২০২০ চনৰ পৰা আৰম্ভ হৈছিল। চাকৰি বাবে হাবাথুৰি নাখাই অথবা বহি: ৰাজ্যলৈ ঢাপলি নেমেলাকৈ এই দুই শিক্ষিত যুৱকে যি পদক্ষেপ গ্ৰহণ কৰিছে তাৰ বাবে অঞ্চলবাসীয়ে ভূয়সী প্ৰশংসা কৰিছে।
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই

Leave A Reply

Your email address will not be published.