দুটা বিশেষ খবৰ

0 213

বিশ্ব স্বাস্থ্য সংস্থাৰ জৰীপ মতে সমগ্ৰ বিশ্বৰ অৰ্ধেক সংখ্যক জনতাই মান সম্পন্ন স্বাস্থ্য প্ৰযত্নৰ সা – সুবিধা লাভ কৰাৰ বাবে সক্ষম নহয়। এনে প্ৰেক্ষাপটত চৰকাৰে অটল অমৃত যোজনাক অন্তৰ্গত কৰি উল্লেখ্য পদক্ষেপ গ্ৰহণ কৰিছে। এই মন্তব্য উপৰাষ্ট্ৰপতি ভেংকায়া নাইডুৰ। আজি কলাক্ষেত্ৰত অটল অমৃত যোজনাৰ নগদ বিহীন আঁচনিৰ শুভাৰম্ভ কৰি এই মন্তব্য কৰে।

স্মৰ্তব্য যে এই আঁচনিখনে ৯২ % শতাংশ লোকক সামৰি ল’ব। এই অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে এই আঁচনিখনৰ দ্বাৰা দেশৰ বহু মানুহ উপকৃত হ’ব। জানিব পৰা মতে শৈল চিকিৎসা পদ্ধতিৰ ২৫ টা জন্মগত বিসংগতি নিৰাময়ৰ বাবে সামৰ্থ” নামৰ এখন স্বাস্থ্য আঁচনি ৰূপায়ন হ’ব। নগদ বিহীন আঁচনি উদ্বোধন অনুষ্ঠানত ৰাজ্যপাল জগদীশ মুখী আৰু স্বাস্থ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বহু কেইজন ব্যক্তি থাকে।

আনহাতে ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানত তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ মন্ত্ৰী কেশৱ মহন্তই আজি এক আঁচনি উন্মোচন কৰে। এই আঁচনিৰ দ্বাৰা এম.এচ.এম.ই অধীনত কাম কৰা প্ৰায় ৮০০ উদ্যোগীয়ে সুফল লাভ কৰিব। অনুষ্ঠানত প্ৰতিষ্ঠানটোৰ সঞ্চালক মনোজ কুমাৰ দাসকে আদি কৰি বহু কেইজন ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.