দুটা ভাল খবৰ

0 228

ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজীয়ে টেকনিছ ফেষ্টিভেল আয়োজন কৰিছে। অহা ৩০ আগষ্টৰ পৰা ২ ছেপ্তেম্বৰলৈ এই ফেষ্টিভেল অনুষ্ঠিত হ’ব। গুৱাহাটীৰ আই আই টিৰ উদ্যোগত অনুষ্ঠিত হ’ব লগা এই ফেষ্টিভেলটোৰ লগত সংগতি ৰাখি মাৰাথন অনুষ্ঠিত হ’ব। ডিজিটেল ব্যৱস্থা সম্পৰ্কে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্য মাৰাথন অনুষ্ঠিত হ’ব। জানিব পৰা মতে এই মাৰাথন ভোগেশ্বৰী ফুকননী ইনড’ ষ্টেডিয়ামৰ পৰা আৰম্ভ হ’ব। 

আনহাতে বিশেষভাৱে সক্ষম সকলৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে অসম ডন বক্স’ বিশ্ববিদ্যালয়ে। আজিৰে পৰা বিশেষ ভাৱে সক্ষম সকলক দিব পৰা এলানি প্ৰশিক্ষণ আৰম্ভ হৈছে। অহা ২ ছেপ্তেম্বৰলৈ অনুষ্ঠিত হ’ব লগা এই প্ৰশিক্ষণ লানিত শিক্ষক, নাৰ্চ, সমাজ কৰ্মীয়ে অংশগ্ৰহণ কৰিছে। বিশ্ববিদ্যালয় খনৰ মনোবিজ্ঞান বিভাগে আয়োজন কৰা প্ৰশিক্ষণত বিভিন্ন বিভাগৰ বিশেষজ্ঞ সকলে অংশগ্ৰহণ কৰিছে। মনোবিজ্ঞান বিভাগৰ ডo চাবিহা আলম চৌধুৰীয়ে মন্তব্য কৰা অনুসৰি এই ধৰণৰ প্ৰশিক্ষণ উত্তৰ পূবত প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হৈছে। 

Leave A Reply

Your email address will not be published.