ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত পথ দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পোৱা কাৰ্যত উদ্বেগ প্ৰকাশ কৰি দুৰ্ঘটনা ৰোধ কৰিবলৈ হাতে কামে নামি পৰিবলৈ আৰক্ষী আৰু পৰিবহন বিভাগক নিৰ্দেশনা দিছে।সমান্তৰালভাৱে সুৰাপান কৰি বাহন চলোৱা, নৱবৰ্ষক আদৰাৰ নামত ৩১ ডিচেম্বৰত একাংশ চালকে সুৰাপান কৰি পথত বাহন চলাই দুৰ্ঘটনা সংঘটিত কৰা আদি কার্য এইবেলি ৰোধ কৰিবলৈ আৰু এইক্ষেত্ৰত পৰিবহন বিভাগক আগতিয়াকৈ সজাগতা সৃষ্টি কৰিবলৈ নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশক যথাযথভাবে বাস্তৱায়িত কৰিবলৈ পথত নামি পৰিছে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগ। কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ সদস্য সচিব আৰু জিলা পৰিবহণ বিষয়া (পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ) কাৰ্যালয়ৰ সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসৰ নেতৃত্বত জিলাখনৰ যান বাহন পৰিদৰ্শক (এম.ভি.আই) আৰু প্ৰৱৰ্তক পৰিদৰ্শক (ই. আই) সকলে ইতিমধ্যে বিগত কেবাদিনো ধৰি গুৱাহাটীৰ গুৰুত্বপূৰ্ণ জনসমাগম হোৱা স্থান আৰু সদাব্যস্ত পথ সমূহত দুৰ্ঘটনা ৰোধৰ সজাগতা সৃষ্টিৰ বাবে সজাগতা সভা, বাটৰ নাট প্ৰদৰ্শন আদি অনুষ্ঠিত কৰি আহিছে। সমান্তৰালভাৱে জিলাখনৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথ, ৰাজ্যিক পথ সমূহত ঠায়ে ঠায়ে মুখ্যমন্ত্ৰীৰ ফটো সম্বলিত সজাগতামূলক হৰ্ডিং স্থাপন কৰা হৈছে। বিশেষকৈ দুৰ্ঘটনা এটা সংঘটিত নহবলৈ কিদৰে আগতিয়াকৈ সতৰ্কতা মূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে, বাহন এখন পথত চলাই থকাৰ সময়ত চালক এজনে কি কৰিব লাগে, কি কৰিব নালাগে আদি বাণী সমূহ হৰ্ডিং সমূহত দূৰৰ পৰা দৃশ্যমান হোৱাকৈ ইংৰাজী আৰু অসমীয়া ভাষাত সকলোৱে সুন্দৰকৈ সহজভাবে বুজিব পৰাকৈ লিখা হৈছে। আনহাতে মুখ্যমন্ত্ৰীয়ে এখন “দুৰ্ঘটনামুক্ত অসম” গঢ়াৰ যি সপোন দেখিছে তাক যথাযথ ৰূপ দিবলৈ হলে চালক, পৰিচালক, হেণ্ডিমেনৰ উপৰিজ যাত্ৰী, ৰাইজ, পথ ব্যৱহাৰকাৰী সকলো আগবাঢ়ি আহিব লাগিব। সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে সদৰি কৰা অনুসৰি দুৰ্ঘটনা মুক্ত অসম গঢ়াৰ বাবে যি সজাগতা অভিযান চলি আছে তাক ব্যাপক ৰূপত প্ৰচাৰ আৰু প্ৰসাৰ কৰিবলৈ হলে সংবাদ মাধ্যমৰ সহযোগ একান্ত প্ৰয়োজনীয়। এইক্ষেত্ৰত ছপা আৰু বৈদ্যুতিন মাধ্যমে সহযোগ কৰিলে সজাগতা অভিযান সাধাৰণ ৰাইজৰ মাজত নিয়াটো আৰু সহজ হব বুলি গৌতম দাসে সদৰি কৰি সহযোগ কামনা কৰা হৈছে। ইয়াৰ প্ৰতি সঁহাৰি দি নিউজ লাইভে ১৭ ডিচেম্বৰৰ নিশা দুৰ্ঘটনা ৰোধ বিষয়ক এখন ৰাইজ মেল অনুষ্ঠিত কৰে। যত পৰিবহণ বিভাগ , আৰক্ষী বিভাগ, স্বাস্থ্যকে ধৰি ইয়াৰ লগত জড়িত কেবাটাও বিভাগৰ দায়িত্ববাহী বিষয়া, পৰিদৰ্শকে ভাগ লৈছিল।
Trending
- ৰাণী সাহিত্য সভাৰ দিনযোৰা কাৰ্যসূচীৰে দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাবত সাপ্তাহিক কবচৰ ২৯ তম্ বৰ্ষপূৰ্তি উদযাপন
- ধাৰাপুৰত ১৫ দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালা আৰম্ভ
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান