আজি কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যু বাৰ্ষিকী উপলক্ষ্যে দেশভক্তি দিৱস উদযাপন কৰা হয়। উক্ত অনুষ্ঠানত উপায়ুক্ত বিশ্বজিৎ পেগুৱে পোনপ্ৰথমে বন্তি প্ৰজ্বলন কৰে আৰু দেশভক্ত তৰুণৰাম ফুকনৰ প্ৰতিচ্ছবিত মাল্য অৰ্পণ কৰে। অতিৰিক্ত উপায়ুক্ত বিপুল কুমাৰ দাস, জিলা তথ্য আৰু জনসংযোগ বিষয়া মণিমালা গগৈ আদি উপস্থিত থকা এই অনুষ্ঠানত দেশভক্ত তৰুণৰাম ফুকনৰ বিষয়ে বক্তৃতা প্ৰদান কৰি জিলা উপায়ুক্তগৰাকীয়ে দেশভক্ত তৰুণৰাম ফুকনৰ আদৰ্শৰে সকলোকে দেশৰ হকে কাম কৰি যাবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে অসম চৰকাৰৰ কেবিনেটৰ দ্বাৰা গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি প্ৰতিবছৰে তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যু দিৱসটো ৰাজ্যৰ প্ৰতিখন জিলা আৰু মহকুমা সদৰত দেশভক্তি দিৱস হিচাপে পালন কৰা হ’ব। বুধবাৰে প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাবে দেশভক্তি দিৱস পালন কৰা হৈছে।
Trending
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা
- সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ নগাঁও জিলা সমিতিৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সম্বৰ্ধনা
- তামুলপুৰত লোন মেলা সম্পন্ন
- মালিগাঁৱত ৰে’লৱেৰ এছচি আৰু এছ টি এম্পলয়িজ এছ’চিয়েচনৰ গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি
- মিডিয়া এছ’চিয়েছন, অসমৰ উদ্যোগত মহীৰূহ সাংবাদিক কনকসেন ডেকাৰ ৯৩ সংখ্যক জন্ম জয়ন্তী পালন