ধনন্তৰী আঁচনিয়ে উপকৃত কৰিছে বহুজনক

0 253

সমগ্ৰ অসমৰ লগতে ওদালগুৰি জিলাতো
ৰূপায়ন কৰা হৈছে ধনন্তৰী আঁচনি। এই আঁচনিৰ অধীনত ৰোগীক প্ৰয়োজনীয় ঔষধ স্বাস্থ্যকৰ্মীয়ে ঘৰে ঘৰে বিতৰণ কৰি আছে।
 
জিলাখনত এতিয়ালৈ ১০৮ গৰাকী ৰোগী এই আঁচনিৰ জৰিয়তে উপকৃত হৈছে। লকডাউনৰ ফলত ঘৰতে আবদ্ধ হৈ থকা ৰোগীসকলক প্ৰয়োজনীয় ঔষধ ঘৰতে বিনামূলীয়াকৈ স্বাস্থ্যকৰ্মীসকলে যোগান ধৰি আহিছে। ঔষধ ভৰালত মজুত নথকা ঔষধ ক্ৰয় কৰিও প্ৰদান কৰা হৈছে। জৰুৰী সেৱা ১০৪ অথবা জিলা হেল্পলাইন নম্বৰত ফোন কৰি ৰোগীসকলে এই আঁচনিৰ সুবিধা লাভ কৰিছে।

Leave A Reply

Your email address will not be published.