ধাইআলি বাসগৃহলৈ গৈ পদ্মশ্ৰী ইমৰান শ্বাহলৈ সম্বৰ্ধনা ৰাজহ মন্ত্ৰী যোগেন মহনৰ

0 233

প্ৰতিথযশা সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰান শ্বাহক এইবাৰ ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰাৰ বাবে অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ স্বতন্ত্ৰ তথা গড়কাপ্তানী বিভাগৰ ৰাজ্যিক মন্ত্ৰী যোগেন মহনে উৎসাহ আৰু আনন্দ ব্যক্ত কৰে। আজি শিৱসাগৰত গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ অন্তত মন্ত্ৰী গৰাকীয়ে ধাইআলিস্থিত শ্বাহৰ বাসভৱনত উপস্থিত হৈ তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰে।
সাহিত্যিক ইমৰান শ্বাহক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা বিষয়টো শিৱসাগৰৰ বাবে অতিশয় গৌৰৱ আৰু আনন্দৰ বতৰা বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰাৰ লগতে তেখেতক পদ্মশ্ৰী সন্মানেৰে বিভূষিত হোৱাৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। মন্ত্ৰী গৰাকীয়ে লগতে তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে।
ৰাজহ মন্ত্ৰী গৰাকীৰ লগতে শ্বাহৰ ঘৰত উপস্থিত হৈ জিলা উপায়ুক্ত বিষ্ণু কমল বৰা, আৰক্ষী অধীক্ষক অমিতাভ সিনহা, জিলা উন্নয়ন আয়ুক্ত নৱাব আল আজহাৰ আলি, সমাজকৰ্মী ভবেন মহন আৰু সুৰভি ৰাজকোঁৱৰী, জিলা পৰিষদৰ সভাপতি ধ্ৰুৱজ্যোতি মাউতেও তেখেতক সম্বৰ্ধনা জনায়।

Leave A Reply

Your email address will not be published.