ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্ত অঞ্চলত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা, গংগাধৰ নদীৰ খহনীয়া ৰোধৰ কাম পৰিদৰ্শন

0 152

অসম চৰকাৰৰ জলসম্পদ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি ধুবুৰী জিলাৰ অন্তৰ্গত ভাৰত-বাংলাদেশ সীমান্ত অঞ্চল ভ্ৰমণ কৰি বিন্নাচাৰা নামৰ স্থানত গংগাধৰ নদীৰ খহনীয়া প্ৰতিৰোধৰ বাবে চলি থকা বিভাগীয় কাম পৰিদৰ্শন কৰে । উল্লেখযোগ্য যে গংগাধৰ নদীৰ খহনীয়াত ক্ষতিগ্ৰস্ত ভাৰত-বাংলাদেশ সীমাৰ কানুৰি-বিন্নাচাৰা সংযোগী পথ মেৰামতি আৰু বিন্নাচাৰাত স্থায়ী খহনীয়া প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তুলিবলৈ প্ৰায় ১২.৫ কোটি টকাৰ পুঁজি সাপেক্ষ বিভাগীয় এক আঁচনিৰ অধীনত কাম চলি আছে ।মন্ত্ৰী হাজৰীকাই আজি অঞ্চলটো পৰিদৰ্শন কৰাৰ সময়ত স্থানীয় ৰাইজে ক্ষীপ্ৰতাৰে চলি থকা খহনীয়া ৰোধৰ কামত সন্তোষ্টি প্ৰকাশ কৰি মন্ত্ৰী হাজৰীকাক কৃতজ্ঞতা জ্ঞাপন কৰে ।

বিন্নাচাৰা অঞ্চল পৰিদৰ্শনৰ সময়ত মন্ত্ৰী হাজৰীকাই বিভাগীয় অভিযন্তাক সুক্ষ্মভাৱে কাম নিৰীক্ষণ কৰি সময়মতে সম্পূৰ্ণ কৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে ।পাছত মন্ত্ৰীগৰাকীয়ে উপস্থিত সাংবাদিকৰে হোৱা সাক্ষাতত কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ভাৰত-বাংলাদেশ সীমান্ত অঞ্চলৰ উন্নয়নৰ বাবে তেওঁলোকে গুৰুত্ব সহকাৰে কাম কৰি আছে । আনহাতে সীমান্ত অঞ্চলৰ ৰাইজে যাতে উন্নত বাট-পথ আৰু আন ব্যৱস্থাৰে উন্নত জীৱন এটা কটাব পাৰে সেয়া সুনিশ্চিত কৰিবলৈও মুখ্যমন্ত্ৰীৰ নেতৃত্বত ৰাজ্য চৰকাৰে কাম কৰি থকা বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

পাছত মন্ত্ৰী হাজৰীকাই জিলাখনৰ বেলগুৰি অঞ্চলত উপস্থিত হৈ গংগাধৰ নদীৰ বানৰ প্ৰকোপৰ পৰা অঞ্চলবাসীক সকাহ দিবলৈ জলসম্পদ বিভাগে হাতত লোৱা ৫ কোটি টকা ব্যয়সাপেক্ষ আঁচনিৰ অধীনত চলি থকা কাম পৰিদৰ্শন কৰে ।এই কাম ক্ষীপ্ৰতাৰে কৰি সময়মতে সম্পূৰ্ণ কৰিবলৈ মন্ত্ৰী হাজৰীকাই বিভাগীয় অভিযন্তাক নিৰ্দেশ দিয়ে।

Leave A Reply

Your email address will not be published.