ধেমাজিৰ আৰ্থ-সামাজিক বিকাশ সংস্থাৰ উদ্যোগত পষেকীয়া প্ৰশিক্ষণ শিবিৰ

0 139

ধেমাজিৰ আৰ্থ-সামাজিক বিকাশ সংস্থা (SEDO) ৰ উদ্যোগত আৰু নাবাৰ্ডৰ সহযোগত ধেমাজি কোৱাফলা চেড্ কাৰ্যালয়ত আজি ক্ষুদ্ৰ উদ্যোগ উন্নয়ন কাৰ্যসূচী হিচাপে সৰিয়হৰ খেতি সৈতে মৌ পালন , বোৱা-কটা, চিলাই আৰু ডিজাইন বিকাশৰ ওপৰত এক পষেকীয়া প্ৰশিক্ষণ শিবিৰ মুকলি কৰা হয় ৷

এই উপলক্ষে চেডৰ নিজ কাৰ্য্যালয়ত এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰা হয় ৷ চেডৰ উপ – সভাপতি বেদজ্যোতি শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভাখনিত নাবাৰ্ডৰ জিলা উন্নয়ন বিষয়া অম্লান তামুলী, মুখ্য জিলা বেংক প্ৰবন্ধক ৰিংকুমনি দাস, অসম গ্ৰামীণ বিকাশ বেংকৰ শাখা প্ৰবন্ধক মৃণাল হাজৰিকা , প্ৰশিক্ষক হিচাপে জাগৃতি ফুকন আৰু বিক্ৰম ভূঁঞা , নিতুল ভূঁঞা আৰু দিলীপ বৰগোহাঁই উপস্হিত থাকি প্ৰশিক্ষণৰ সন্দৰ্ভত তত্ত্ব গধুৰ বক্তব্য দাঙি ধৰে ৷ চেডৰ সচিব নৱজ্যোতি দওই উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱা সভাখনিত শতাধিক মহিলা অংশগ্ৰহণ কৰে৷

Leave A Reply

Your email address will not be published.