সমাগত লাচিত দিৱস উপলক্ষে নতুন দিল্লীত ৰাজ্য চৰকাৰে আয়োজন কৰা কেন্দ্ৰীয় কাৰ্যসূচীত ভাগ ল’বলৈ সোমবাৰে ধুবুৰীৰ পৰা গুৱাহাটী অভিমুখে ৰাওনা হয় ১২ গৰাকী শিক্ষাৰ্থীৰ এটা দল ৷পুৱা জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত শিক্ষাৰ্থীৰ দলটোৰ যাত্ৰাৰ ফ্লেগ অফ কৰে অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে ৷দলটোত ধুবুৰী জিলাৰ ভোলানাথ মহাবিদ্যালয়, প্ৰমথেশ বৰুৱা মহাবিদ্যালয়,চিলাৰায় মহাবিদ্যালয় আৰু বিলসীপাৰা মহাবিদ্যালয়ৰ দুগৰাকীকৈ মুঠ ৮ গৰাকী শিক্ষাৰ্থী আছে ৷দক্ষিণ শালমৰা মানকাচৰ জিলাৰ মানকাচৰ কলেজ আৰু দক্ষিণ শালমাৰা কলেজৰো দুগৰাকীকৈ মুঠ ৪ গৰাকী শিক্ষাৰ্থীয়ে একেখন বাছতে ধুবুৰীৰ পৰা যাত্ৰা কৰে ৷জানিব পৰা অনুসৰি শিক্ষাৰ্থী দলটোৰ একাংশই আজি আৰু বাকীসকলে কাইলৈ বিমানযোগে নতুন দিল্লীলৈ ৰাওনা হ’ব ৷ যাত্ৰাৰ ফ্লেগ অফ কৰি অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে শিক্ষাৰ্থীসকলক শুভেচ্ছা জ্ঞাপন কৰে ৷ অতিৰিক্ত উপায়ুক্তগৰাকীয়ে শিক্ষাৰ্থীসকলৰ তত্বাবধায়ক শিক্ষকগৰাকীক বিমানৰ টিকট আদি যাৱতীয় নথি আনুষ্ঠানিকভাৱে প্ৰদান কৰে ৷আনহাতে ধুবুৰী জিলা উপায়ুক্ত দিবাকৰ নাথৰ তত্বাবধানত জিলাখনত লাচিত দিৱসৰ বিভিন্ন কাৰ্যসূচী ৰাইজ বিশেষকৈ শিক্ষাৰ্থীৰ ব্যাপক অংশগ্ৰহণৰ মাজেৰে অনুষ্ঠিত হৈ আছে ৷চাপৰৰ বিৰচা মুণ্ডা ষ্টেডিয়ামত কালি পৰম্পৰাগত খেল-ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় ৷ আজি চাপৰৰ শ্ৰীগ্ৰাম সংৰক্ষিত বনাঞ্চলৰ অধীনৰ খেৰডুবি গাঁৱত ৪০০ জোপা গছপুলি ৰোপন কৰে ৷ বিভিন্ন শিক্ষানুষ্ঠান আৰু চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানৰ উদ্যোগতো অব্যাহত আছে বৃক্ষৰোপন কাৰ্যসূচী৷ আয়োজন কৰা হৈছে ৰক্তদান শিবিৰৰো ৷জানিব পৰা মতে জিলা প্ৰশাসনৰ উদ্যোগত ধুবুৰী চহৰৰ প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত অনুষ্ঠিত হৈ আছে শিক্ষাৰ্থীৰ মাজত চিত্ৰাংকন, বক্তৃতা, কুইজ আদি প্ৰতিযোগিতা ৷ অহা ২৩ নৱেম্বৰত আয়োজন কৰিছে এটা সাংস্কৃতিক শোভাযাত্ৰাৰ ৷ ২৪ নৱেম্বৰত প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীৰ মূল অনুষ্ঠান অনুষ্ঠিত হ’ব বুলি জনায় ৷ ২৪ আৰু ২৫ নৱেম্বৰত অসম চৰকাৰে নতুন দিল্লীত আয়োজন কৰা কাৰ্যসূচী প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত পোনপতীয়াকৈ দেখুওৱা হ’ব বুলি জানিবলৈ দিয়ে ৷
Trending
- উদ্যান শস্য গৱেষণা কেন্দ্ৰত শুকান ভূমিত কৃষি বিষয়ক তিনিদিনীয়া ৰাষ্ট্ৰীয় কৰ্মশালা আৰম্ভ
- ৰাজীৱ ভৱনত শিল্পী দিৱস পালন, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক স্মৰণ
- ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱসৰ দিনা বেংগালুৰু আৰু গুৱাহাটীত এইচ ডি এফ চি বেংকৰ ষ্টাৰ্টআপ লাউঞ্জ মুকলি
- Nefocus initiative-Seismic Safety Conclave
- 12th Inter-District Roller Skating Championship by APRINS in Guwahati from Jan 10 with the Theme From Turf to Table
- এইচ ডি এফ চি বেংক স্মাৰ্টগেটৱে পেমেণ্ট প্লেটফৰ্মে চিবিডিচি (ডিজিটেল টকা) একত্ৰিত কৰে
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ঘোষণা ; মাঘ বিহুৰ উৰুকাৰ সময়লৈ শীত প্ৰৱাহ অব্যাহত থকাৰ সম্ভাবনা
- বিভিন্ন ৰাষ্ট্ৰীয়–আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘শিপা-ঝাৰ’ তথ্যচিত্ৰৰ উজ্জ্বল সফলতা
- 40 High‑Speed Inflatable Boats Handed Over to Fire & Emergency Services
- আকাশত মাজে সময়ে সূৰুয দেৱতাই ভুমুকি মাৰিলেও অব্যাহত থাকিব শীতৰ প্ৰকোপ