সমগ্ৰ দেশৰ লগতে অসমতো ক’ভিড মহামাৰীয়ে দ্বিতীয় বাৰৰ বাবে জটিল ৰূপ ধাৰণ কৰি থকা সময়তে আজি নলবাৰী জিলাৰ পূৰ্ণকামদেৱ(মোমাইতোলা) গাঁৱত যোগ গুৰুকুল অসমৰ উদ্যোগত তথা SSDEKA MEDIA& ENTERTAINMENT PVT. LTD. আৰু শৰ্মা চ’লাৰ এন্টাৰপাইজৰ সহযোগত অনুষ্ঠিত কৰা হয় এক সজাগতা শিবিৰ ।সজাগতা শিবিৰ খন আনুষ্ঠানিক ভাৱে উন্মোচন কৰে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই। আনহাতে অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকে নলবাৰী জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ, বিশিষ্ট অভিনেতা মনমঠ বৰুৱা, বিজেপিৰ সাংস্কৃতিক কোষৰ সহ -আহ্বায়ক বিদ্যাসাগৰ,বিশিষ্ট চিকিৎসক হিমাংশু বুজৰবৰুৱা, সমীৰণ ডেকা। সম্পূৰ্ণ ক’ভিড পৰ্টকল মানি আয়োজন কৰা আজিৰ অনুষ্ঠানত immunity কিট প্ৰদানৰ কৰাৰ লগতে স্বাস্থ্য পৰীক্ষা শিবিৰৰ লগতে যোগভ্যাসো কৰে। উল্লেখযোগ্য যে অলকেশ বুজৰবৰুৱাৰ পৰিচালনাত আৰু নেতৃস্থানীয় যুৱকসমুহৰ অনুষ্ঠিত আজিৰ এই বিশেষ শিবিৰত উপস্থিত থাকি SSDEKA MEDIA& ENTERTAINMENT PVT. LTD. ৰ পৰিচালনা সঞ্চালক সমীৰণ ডেকা আৰু শৰ্মা চ’লাৰ এণ্টাৰপাইজৰ স্বত্বাধিকাৰ জ্ঞাননেন্দ্ৰ শর্মাই সম্প্ৰতি পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সকলোকে চৰকাৰে নিৰ্ধাৰণ কৰা কভিড বিধি মানি চলাবলৈ অনুৰোধ জনায়।ইপিনে এনে সজাগতা শিবিৰ অনুষ্ঠিত কৰা বাবে যোগ গুৰুকুল অসমক ধন্যবাদ জ্ঞাপন কৰে অনুষ্ঠানত উপস্থিত স্থানীয় যুৱক সকলে।
Trending
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান