নলবাৰীত গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন মন্ত্ৰী অশোক সিংহলৰ

0 118

সমগ্ৰ দেশৰ লগতে আজি নলবাৰী জিলাতো বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপিত হয় দেশৰ ৭৪সংখ্যক গণৰাজ্য দিৱস। নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত গণৰাজ্য দিৱসৰ এই কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা আনুষ্ঠানিকভাৱে উন্মোচন কৰে ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে। মন্ত্ৰীগৰাকীয়ে আৰক্ষী, অৰ্ধসামৰিক বাহিনী, এন চি চি, বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰদৰ্শন কৰা কুচকাৱাজ পৰিদৰ্শনৰ কৰাৰ লগতে তেওঁলোকৰ অভিবাদনো গ্ৰহণ কৰে।

গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰি দিয়া ভাষণত মন্ত্ৰী সিংহলে জাতিৰ পিতা মহাত্মা গান্ধী তথা সংবিধান প্ৰণেতা ডঃ বি আৰ আম্বেদকাৰক শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে স্বাধীনতা সংগ্ৰামত আত্মবলিদান দিয়া বীৰ শ্বহীদসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ দেশৰ স্বাধীনতা সংগ্ৰামত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ অৰিহণাৰ কথা সোঁৱৰাৰ লগতে শ্বহীদ মুকুন্দ কাকতিকে প্ৰমুখ্য কৰি নলবাৰী জিলাৰ শ্বহীদ তথা স্বাধীনতা সেনানীসকলৰ ত্যাগ আৰু আত্মবলিদানৰ কথাও বিশেষভাৱে স্মৰণ কৰে।

নিজৰ ভাষণত মন্ত্ৰী সিংহলে ৰাজ্যখনৰ গৌৰৱময় ইতিহাসৰ কথা স্মৰণ কৰি কয় যে ১২০৬ চনত ৰাজা পৃথুয়ে বক্তিয়াৰ খিলজীক পৰাস্ত কৰি সূচনা কৰা এই ভূমিৰ বিজয়গাঁথা অব্যাহত ৰাখি ১৬৭১ খ্ৰীষ্টাব্দত শৰাইঘাটৰ যুদ্ধত বীৰ লাচিতৰ নেতৃত্বত শক্তিশালী মোগলক প্ৰতিৰোধ কৰিছিল।

“সর্বজন হিতায়, সর্বজন সুখায়” ভাৱধাৰাৰে ৰাজ্য চৰকাৰে দূৰন্ত গতিত কাম কৰি আছে বুলি মন্তব্য কৰি তেওঁ কয় যে যেতিয়া আমি পৰিৱৰ্তনৰ কথা কওঁ, তেতিয়া চৰকাৰ পৰিৱৰ্তন নহয়, ব্যৱস্থা পৰিৱৰ্তনৰ কথা বুজায়, অন্ত্যোদয়াৰ কথা বুজায়। পণ্ডিত দীনদয়াল উপাধ্যায়ৰ একাত্ম মানৱতাবাদী দর্শনৰ কথা উল্লেখ কৰি তেওঁ কয় যে “সর্ব স্পর্শী, সর্ব ব্যাপি” মূলমন্ত্ৰৰ পৰাই আহিছে “সকলোৰে সৈতে সকলোৰে বিকাশ সকলোৰে বিশ্বাস সকলোৰে প্ৰয়াস”ৰ ধাৰণা আৰু ইয়েই বৰ্তমানৰ চৰকাৰখনৰ কৰ্মপন্থাৰ মূল নীতি।

ভাৰতৰ সমস্যা আমি ভাৰতীয় চিন্তাৰে সমাধান কৰিব লাগিব বুলি উল্লেখ কৰি তেওঁ কয় যে ভাৰতে অন্তৰ্নিহিত শক্তিক সংগঠিত কৰি ভাৰতীয়তাৰ বোধেৰে আগবাঢ়িব লাগিব, ভাৰতীয় চিন্তাৰে ৰাষ্ট্ৰীয়তাবাদক শক্তি যোগাই তুলিব লাগিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত প্রগতিশীল, স্বাৱলম্বী আৰু নিজৰ ভৰিত নিজে ঠিয় দিব পৰা এখন আত্মনিৰ্ভৰশীল অসম গঢ়ি তুলিব বিচাৰিছোঁ বুলি মন্তব্য কৰি তেওঁ কয় যে মুখ্যমন্ত্ৰীৰ সৱল নেতৃত্বত অসমৰ উন্নয়নৰ এক সোণালী যুগ আৰম্ভ হৈছে আৰু এই যাত্রা অব্যাহত থাকিব। মুখ্যমন্ত্ৰীয়ে এটাৰ পিছত এটা উন্নয়নত বাধা হৈ থকা প্ৰাচীৰবোৰ ভাঙি দিছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰি মন্ত্ৰী সিংহলে কয় যে মুখ্যমন্ত্ৰীৰ নেতৃত্বত আমি বিচৰা অসমখনক লৈ এদিন সমগ্ৰ অসমীয়াই গৌৰৱ কৰিব লাগিব৷

নিজৰ নাতিদীৰ্ঘ ভাষণত মন্ত্ৰী সিংহলে বিগত সময়ছোৱাত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰ দুখনে ৰাজ্যখনৰ দ্ৰুত বিকাশৰ দিশত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ পদক্ষেপসমূহৰ বিষয়ে আলোকপাত কৰে। তেওঁ কয় যে চৰকাৰে সমাজ জীৱনৰ প্ৰতিটো ক্ষেত্ৰ আৰু অংগ বিকাশৰ দ্বাৰা চুবলৈ চেষ্টা কৰি আহিছে। ৰাইজৰ মৰম, সমৰ্থন, সহযোগিতা আৰু আশীৰ্বাদেৰে চৰকাৰখনে ৰাজ্যখনৰ দ্ৰুত উন্নয়নৰ বাবে আগন্তুক দিনবোৰত দায়বদ্ধতাৰে তথা নিৰৱচ্ছিন্নভাৱে কাম কৰি যাব বুলিও তেওঁ কয়। এখন নতুন অসম নিৰ্মাণৰ বাবে প্রকৃত গুণসম্পন্ন মানৱ সম্পদ গঢ় দিয়াৰ বাবে তেওঁ শিক্ষক সমাজক আহ্বান জনায়।

গণৰাজ্য দিৱসৰ এই কাৰ্যসূচীত অসমৰ বাৰেৰহণীয়া কৃষ্টি-সংস্কৃতি, তথা দেশ মাতৃৰ বন্দনাৰে সমৃদ্ধ এক বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰাৰ উপৰি জলজীৱন মিছন, আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ, প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনা আৰু নৌকা স্বাস্থ্য সেৱাক প্ৰতিফলিত কৰি প্ৰদৰ্শন কৰা চাৰিটা আটক-ধুনীয়া প্ৰতীকপটে সকলোকে মুগ্ধ কৰে।

মন্ত্ৰীগৰাকীয়ে অনুষ্ঠানত উপস্থিত থকা জিলাখনৰ প্ৰবীণ মুক্তিযুঁজাৰু খগেন্দ্ৰ তালুকদাৰক সম্বৰ্ধনা জনায়। মূল কাৰ্যসূচীৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে জিলা উপায়ুক্তৰ কাৰ্যালয় চৌহদত থকা জাতিৰ পিতা মহাত্মা গান্ধীৰ প্রতিমূৰ্তিত মাল্য প্ৰদান কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

আজিৰ এই অনুষ্ঠানত নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা, উপায়ুক্ত গীতিমনি ফুকন, আৰক্ষী অধীক্ষক সুধাকৰ সিঙকে প্ৰমুখ্য কৰি জিলাখনৰ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলো উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.