নলবাৰীৰ সৰিয়হতলিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰত আজি নাৰিকল ৰোপণ খেতি সম্পৰ্কে এখন কৰ্মশালা অনুষ্ঠিত হয় । নাৰিকল উন্নয়ন বোৰ্ডৰ উদ্যোগত আৰু নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত উক্ত কৰ্মশালাখন অনুষ্ঠিত কৰা হয়। কৰ্মশালাখনত নাৰিকল ৰোপণ সম্পৰ্কে ল’ব লগা সজাগ আৰু সচেতনতাৰ লগতে ইয়াৰ ৰোগ সম্পৰ্কে আৰু বৈজ্ঞানিক ভিত্তিত নাৰিকল ৰোপণ সম্পৰ্কে কৃষকসকলক অৱগত কৰা হয় । উক্ত কৰ্মশালা খনৰ আদৰণি ভাষণ আগবঢ়াই নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰধান বিজ্ঞানী মানসী চক্ৰৱৰ্তীয়ে।উক্ত কৰ্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে নাৰিকল উন্নয়ন বোৰ্ডৰ হৰটিকালচাৰ এচিছটেণ্ট মৃদূল তালুকদাৰ, মহকুমা কৃষি বিষয়া কুমুদ হালৈ, নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰৰ হৰটিকালচাৰ বিভাগৰ প্ৰধান হোমেশ্বৰ মজুমদাৰৰ লগতে উপস্থিত থাকে নাৰিকল উন্নয়ন বোৰ্ডৰ কাৰিকৰী সহযোগী কমল বৈশ্য। নাৰিকল ৰোপণ সম্পৰ্কীয় উক্ত কৰ্মশালাখনত প্ৰায় ৪০ জন কৃষক উপস্থিত থাকে ।
Trending
- গুৱাহাটীত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধিৰ উদ্দেশ্যে টপচেম চিমেণ্টৰ বিশ্বকৰ্মা প্ৰতিমা বিসৰ্জন অভিযান
- এন ই ফ’কাচ ডট কমৰ দশম বৰ্ষপুৰ্তিৰ উদযাপন
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন