নাগশংকৰ উচ্চ মাধ্যমিক বিদ্যালয়ত তিনিজন শিক্ষকক বিদায় সম্বৰ্ধনা জ্ঞাপন

0 107

চতিয়া সমষ্টিৰ অন্তৰ্গত ১৯৬২ চনতে প্ৰতিষ্ঠা লাভ কৰা নাগশংকৰ উচ্চ মাধ্যমিক বিদ্যালয়ত আজি তিনিজনকৈ জেষ্ঠ শিক্ষকক আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে।উক্ত বিদায় সভাত সভাপতিৰ আসন অলংকৃত কৰে নাগশংকৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক কমল ৰাজবংশী, সভাৰ উদ্দেশ্য বাখ্যা কৰে ছাত্ৰ সংসদৰ অধ্যক্ষ তথা নাগশংকৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক গোটৰ সম্পাদক কমল নাথে। বিদায় সভাৰ উদ্বোধন কৰে প্ৰধান শিক্ষয়ত্ৰী লাৱন্য দেৱীয়ে। সভাত ৰাইজৰ হৈ বক্তব্য প্ৰদান কৰে নাগশংকৰ জিলা পৰিষদৰ সদস্য হিতেশ বৰুৱা, প্ৰদীপ শইকীয়া, বিনি গগৈ বৰা, নিতুমনি নেওগ, যুৱ সাংৱাদিক অঞ্জন বাচকোটাৰ লগতে বিভিন্নজনে । নাগশংকৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাগুৰুৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে জেষ্ঠ বিদায়ী শিক্ষক ক্ৰমে বানেশ্বৰ বৰা, শান্তি দেৱী আৰু ৰাণা বৰদলৈক অসমীয়া জাতীয় স্বাভীমান ফুলাম গামোছা, প্ৰশংসা পত্ৰ, শৰাই, জাপি, কিতাপৰ টোপোলাৰ লগতে এখনি ভকতি বস্ত্ৰৰে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে । সভাত বিশেষভাৱে আঁত ধৰে বিদ্যালয়ৰ সহকাৰী শিক্ষকদ্বয় কোষেশ্বৰ দাস আৰু নয়নমনি শইকীয়াই।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.