যাত্ৰা জগতৰ বিগত বৰ্ষত ৰাইজ বিপুল সমাদৰ তথা আশীষ লাভৰ পিছত ২০২৩-২৪ বৰ্ষৰ বাবে ন-পুৰণি শিল্পীৰ দ্বাৰা ঐক্যবদ্ধ হৈ দুখনকৈ জনপ্ৰিয় নাটক লৈ প্ৰস্তুতি চলাইছে যুগান্তৰে। দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত জজি জটীয়াত আখৰাৰ বাবে সাজু হৈছে অসমৰ আগশাৰীৰ যাত্ৰা দল নাট্যদল যুগান্তৰ। আজি আনুষ্ঠানিকভাৱে নাট মহুৰৎ নাৰিকল ভাঙি নাট্যাৰম্ভ কৰে শুভকাংশী সূৰ্য্যকান্ত দাসে। নাট্যদলটোৰ এই বৰ্ষৰ বলিষ্ঠ নাট ‘প্ৰলয়’ উন্মোচন কৰে অৱসৰ প্ৰাপ্ত শিক্ষক কুশল বৰুৱাই আৰু আন এখন নাট ‘লগন উকলি গ’ল’ উন্মোচন কৰে বিষ্ণুজ্যোতি নাট্য গোষ্ঠীৰ প্ৰযোজক বিপুল দাসে। জজি সত্ৰৰ সত্ৰাধিকাৰ তথা নাট্যদল যুগান্তৰৰ প্ৰতিষ্ঠাপক প্ৰযোজক পূৰ্ণকান্ত ডেকাই সভাপতিত্ব কৰা অনুষ্ঠানৰ আঁত ধৰে যুগান্তৰৰ অভিনেতা দিবাকৰ দাসে। অনুষ্ঠানত উপস্থিত থাকে অৱসৰ প্ৰাপ্ত শিক্ষক কুশল বৰুৱা, বিষ্ণুজ্যোতি নাট্য গোষ্ঠীৰ প্ৰযোজক বিপুল দাস, বিশিষ্ঠ নাট্যকাৰ তথা পৰিচালত ও অভিনেতা জোন কুমাৰ দাস, বিশিষ্ঠ নাট্যকাৰ তথা পৰিচালত ও অভিনেতা বলেন চৌধুৰী, কাদম্বৰী নাট্যদলৰ প্ৰযোজক হিতেশ ডেকা , বিশিষ্ট নাট্যকাৰ অভিনেতা দিলিপ দাস, সহিতে নাট্যদলটিৰ শুভকাংশী সকল। বিশিষ্ট অভিনেতা তথা পৰিচালক বলেন চৌধুৰীৰ সম্পাদনা ও পৰিচালানৰে কাল্পনিক নাট ‘প্ৰলয়’ আৰু আন এখন নাট বিশিষ্ট অভিনেতা, নাট্যকাৰ তথা পৰিচালক জোন কুমাৰ দাসৰ ৰচনা ও পৰিচালানাৰে সামাজিক নাট ‘লগন উকলি গ’ল’ মঞ্চস্থ কৰিবলৈ আগবাঢ়িছে নাট্যদলটিয়ে । প্ৰযোজক মনোজ দাসৰ লগতে নাট্য দলটিত ব্যৱস্থাপকৰ দায়িত্বত আছে বিমল তালুকদাৰ আৰু সম্পাদক জয়ন্ত দাস। বিগত বৰ্ষৰ দৰে এইবেলিও নাট্যদলটিত সুৰৰ ঝংকাৰ তুলিব কণ্ঠশিল্পী বাপন ৰাভাৰ লগতে মিনাক্ষী কুমাৰীয়ে। শেষত নাট্যদলটোৰ দুয়োখন নাটকেই ৰাইজৰ মৰম তথা আশীষ বুটলিবলৈ সক্ষম হ’ব বুলি আশাবাদী প্ৰযোজক মনোজ দাসে।
Trending
- পৰম্পৰাগত নৃত্য গীতৰ মাজেৰে মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাত বিলত অসমীয়া সমাজৰ মাছ ধৰা উৎসৱ
- Assam Governor extends greetings on Rongali Bihu and Assamese New Year
- আন্তঃবিশ্ববিদ্যালয় থাং-টা প্ৰতিযোগিতাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ সোণৰ পদক লাভ
- পাণ্ডু বিহু সন্মিলনীৰ স্থায়ী ঠিকনা হ’ব জুবিন গাৰ্গ ৰেলৱে বিহুতলী মালিগাওঁ
- NSE Enables Instant Order Acknowledgement in Nanoseconds Across All Segments
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়