যাত্ৰা জগতৰ বিগত বৰ্ষত ৰাইজ বিপুল সমাদৰ তথা আশীষ লাভৰ পিছত ২০২৩-২৪ বৰ্ষৰ বাবে ন-পুৰণি শিল্পীৰ দ্বাৰা ঐক্যবদ্ধ হৈ দুখনকৈ জনপ্ৰিয় নাটক লৈ প্ৰস্তুতি চলাইছে যুগান্তৰে। দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত জজি জটীয়াত আখৰাৰ বাবে সাজু হৈছে অসমৰ আগশাৰীৰ যাত্ৰা দল নাট্যদল যুগান্তৰ। আজি আনুষ্ঠানিকভাৱে নাট মহুৰৎ নাৰিকল ভাঙি নাট্যাৰম্ভ কৰে শুভকাংশী সূৰ্য্যকান্ত দাসে। নাট্যদলটোৰ এই বৰ্ষৰ বলিষ্ঠ নাট ‘প্ৰলয়’ উন্মোচন কৰে অৱসৰ প্ৰাপ্ত শিক্ষক কুশল বৰুৱাই আৰু আন এখন নাট ‘লগন উকলি গ’ল’ উন্মোচন কৰে বিষ্ণুজ্যোতি নাট্য গোষ্ঠীৰ প্ৰযোজক বিপুল দাসে। জজি সত্ৰৰ সত্ৰাধিকাৰ তথা নাট্যদল যুগান্তৰৰ প্ৰতিষ্ঠাপক প্ৰযোজক পূৰ্ণকান্ত ডেকাই সভাপতিত্ব কৰা অনুষ্ঠানৰ আঁত ধৰে যুগান্তৰৰ অভিনেতা দিবাকৰ দাসে। অনুষ্ঠানত উপস্থিত থাকে অৱসৰ প্ৰাপ্ত শিক্ষক কুশল বৰুৱা, বিষ্ণুজ্যোতি নাট্য গোষ্ঠীৰ প্ৰযোজক বিপুল দাস, বিশিষ্ঠ নাট্যকাৰ তথা পৰিচালত ও অভিনেতা জোন কুমাৰ দাস, বিশিষ্ঠ নাট্যকাৰ তথা পৰিচালত ও অভিনেতা বলেন চৌধুৰী, কাদম্বৰী নাট্যদলৰ প্ৰযোজক হিতেশ ডেকা , বিশিষ্ট নাট্যকাৰ অভিনেতা দিলিপ দাস, সহিতে নাট্যদলটিৰ শুভকাংশী সকল। বিশিষ্ট অভিনেতা তথা পৰিচালক বলেন চৌধুৰীৰ সম্পাদনা ও পৰিচালানৰে কাল্পনিক নাট ‘প্ৰলয়’ আৰু আন এখন নাট বিশিষ্ট অভিনেতা, নাট্যকাৰ তথা পৰিচালক জোন কুমাৰ দাসৰ ৰচনা ও পৰিচালানাৰে সামাজিক নাট ‘লগন উকলি গ’ল’ মঞ্চস্থ কৰিবলৈ আগবাঢ়িছে নাট্যদলটিয়ে । প্ৰযোজক মনোজ দাসৰ লগতে নাট্য দলটিত ব্যৱস্থাপকৰ দায়িত্বত আছে বিমল তালুকদাৰ আৰু সম্পাদক জয়ন্ত দাস। বিগত বৰ্ষৰ দৰে এইবেলিও নাট্যদলটিত সুৰৰ ঝংকাৰ তুলিব কণ্ঠশিল্পী বাপন ৰাভাৰ লগতে মিনাক্ষী কুমাৰীয়ে। শেষত নাট্যদলটোৰ দুয়োখন নাটকেই ৰাইজৰ মৰম তথা আশীষ বুটলিবলৈ সক্ষম হ’ব বুলি আশাবাদী প্ৰযোজক মনোজ দাসে।
Trending
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি
- পথিকৰ উদ্যোগত পদুমবড়ীত বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন
- কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত জালুকবাৰী থানা এলেকাৰ দুৰ্গা পূজা উদযাপন আৰু বিসৰ্জন বিষয়ক সভা সম্পন্ন
- Bringing Healthcare Closer to People: Health Camp Held in Kamrup under Seva Sankalp Abhiyan
- চি আৰ পি এফৰ প্ৰথমটো মহিলা বেটেলিয়ানৰ ৪০ বছৰীয়া বৰ্ষপূৰ্তিত ভাগ ললে দ্বিতীয় কমাণ্ড অধিকাৰী মীনা দাস বৰাসহ কেবাজনো অসমীয়া বিষয়া – জোৱানে
- অসমত HPV টিকাকৰণ অভিযান আৰু নিয়মীয়া টিকাকৰণৰ পৰ্যালোচনা
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত নতুন ৰূপত ডঃ ভূপেন হাজৰিকা সন্মিলন কক্ষ