নামেৰী উদ্যানত দেখা গ’ল হিমালয়ান চিৰো

0 66

প্ৰথম বাৰৰ বাবে নামেৰী উদ্যানত দেখা গৈছে দুষ্প্রাপ্য হিমালয়ান চিৰো।উদ্যানখনৰ কতৃপক্ষই সদৰি কৰা অনুসৰি উদ্যান কর্তৃপক্ষই উদ্যানখনৰ ভিতৰত চলোৱা কেমেৰা ট্ৰেপিঙৰ চতুর্থ ৰাউণ্ডত কেমেৰাত ধৰা পৰিছে এই দুষ্প্রাপ্য প্ৰজাতিৰ জন্তু বিধ। এই সন্দৰ্ভত উদ্যানৰ বন বিষয়া দেবাশীষ বুঢাগোহাঞিয়ে কয় এয়া নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ লগতে সমগ্ৰ বনবিভাগ,জৈৱ বৈচিত্র্যতাৰ বাবে নিশ্চয় এক সুখবৰ।এইবিধ জন্তুবিধক সংৰক্ষণ কৰাতো সকলোৰে দায়িত্ব।

উল্লেখ্য যে হিমালয়ান চিৰো বৈজ্ঞানিক নাম কেপৰিকৰ্ণিছ চুমাত্ৰায়মচিচ থৰ। ই হ’ল এবিধ মধ্যকায়, ডাঙৰ মূৰ, চুটি ডিঙি, ডাঠ নোমযুক্ত জন্তু। প্ৰকৃতাৰ্থত এইবিধ জন্তু হিমালয়ান অঞ্চলৰ ২০০০ ৰ পৰা ৪০০০ মিটাৰ পৰ্যন্ত উচ্চতাত পোৱা যায়।

Leave A Reply

Your email address will not be published.