লখিমপুৰ জিলাখনত মাৰাত্মক ক`ভিড ১৯ ৰ দ্বিতীয় ঢৌৰ সংক্ৰমণ অব্যাহত থকাৰ মাজতে জিলাখনৰ নাৰায়নপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত অতি ভিতৰুৱা স্বয়ং কেৰকেৰ গাঁওৰ ৰাইজক স্পৰ্শ কৰা নাই ক`ভিড ১৯ ৰ ভেকচিন প্ৰদান আঁচনিখনে । পথ যোগাযোগৰ বিধ্বস্ততাৰ বাবেই চৰকাৰী ভাবে অব্যাহত ৰখা এনে অতি জৰুৰী বিনামূলীয়া সেৱাৰ পৰা মাহ মাহ ধৰি উপেক্ষিত হৈ অহা নাৰায়নপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত স্বয়ং কেৰকেৰ গাঁওৰ নাগৰিক সকলক নাৰায়নপুৰ প্ৰেছ ক্লাৱৰ উদ্যোগত আজি ক’ভিড ১৯ ৰ ভেকচিন প্ৰদান কৰে ।
সোমবাৰে চক্ৰটোৰ অতি ভিতৰুৱা দক্ষিণ নাৰায়নপুৰ পঞ্চায়তৰ অন্তৰ্গত স্বয়ং কেৰকেৰ গাঁওৰ বাসিন্দা সকলৰ মাজত এটা শিবিৰ অনুষ্ঠিত কৰি এই ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰা হয়। নাৰায়ণপুৰ প্ৰেছ ক্লাৱৰ সভাপতি কুমুদ শইকীয়া , সম্পাদক চন্দন শইকীয়া , সদস্য সকল ক্ৰমে চিত্ৰনাথ গগৈ , দেৱজিত দুৱৰা , পংকজ দেওধাই , বিতোপন ফুকন , সৰুজ নেওগ ,দিপান্তৰ কাকতি , চাণক্য বৰুৱা আদিৰ নেতৃত্বত ঢলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ এটা স্বাস্থ্য কৰ্মীৰ দল সহযোগত উপস্থিত হয় গাঁওখনত । বাইক, নাও আৰু পদব্ৰজে গৈ অতি পিছপৰা নৈ পৰীয়া গাঁওখনত উপস্থিত হৈ দিনটোৰ ভিতৰত প্ৰায় ৩ শতাধিক ব্যক্তিক বিনামূলীয়া ভাবে দলটোৱে ক’ভিড ১৯ ৰ ভেকচিন প্ৰদান কৰে। গাওবাসী ৰাইজে শৃংখলাবদ্ধ ভাৱে শাৰী পাতি নাৰায়নপুৰ প্ৰেছ ক্লাৱৰ বিশেষ তৎপৰতাত আগবঢ়োৱা এই বিনামূলীয়া সেৱা কৃতজ্ঞতাৰে গ্ৰহণ কৰে। নাৰায়নপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মিনাক্ষী বৰ্মন , নাৰায়নপুৰ থানাৰ অচি বদন চন্দ্ৰ কলিতা, ঢলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য কৰ্মী সকলৰ সহযোগিতাত অনুষ্ঠিত হোৱা এই ভেকচিন প্ৰদান শিবিৰত প্ৰায় ৩ শতাধিক নাগৰিকক প্ৰথম পালি ভেকচিন প্ৰদান কৰা বুলি প্ৰেছ ক্লাৱৰ সভাপতি কুমুদ শইকীয়াই জানিবলৈ দি গাঁওখনৰ জনসংখ্যাৰ বিপৰীতে অনাগত সময়ত অধিক এনে ভেকচিন শিবিৰ অনুষ্ঠিত কৰাৰ প্ৰয়োজনীয়তা দোহাৰিলে । প্ৰেছ ক্লাৱেই এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিব বুলি জনাইছে সভাপতি গৰাকীয়ে। প্ৰেছ ক্লাৱৰ কৰ্মকর্তা সকলে সজাগতা আৰু সচেতনতাৰ জৰিয়তেহে এই অতিমাৰী ৰোধ কৰাটো সম্ভৱ বুলি গঞাক অৱগত কৰি শাৰীৰিক দূৰত্ব বজাই জন সমাগমৰ পৰা আঁতৰত থাকি নিজৰ লগতে অন্যৰো জীৱন সুৰক্ষিত কৰাৰ আহ্বানেৰে ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ চেষ্টা চলাই । স্থানীয় ৰাইজে প্ৰেছ ক্লাৱৰ এনে জনহিতৈষী পদক্ষেপৰ একেমুখে শলাগ লৈছে।
বাতৰি যুগুতালে ঢকুৱাখনাৰ পৰা অমৃত পৱন বৰাই।