নুমলীগড় ৰিফাইনেৰীৰ বিস্তাৰ প্ৰকল্পৰ বাবে পৰিবহন সুবিধা উদ্দেশ্যে বহুমূখী প্ৰকল্পৰ কাৰ্গোৰ বাবে আভ্যন্তৰীণ জল পৰিবহন প্ৰাধিকৰণৰ সৈতে এন আৰ এলৰ চুক্তি স্বাক্ষৰ

0 189

নুমলীগড় ৰিফাইনেৰী লিমিটেড আৰু আভ্যন্তৰীণ জলপৰিবহন প্ৰাধিকৰণৰ মাজত আজি আভ্যন্তৰীণ জল পৰিবহনৰ ব্যৱহাৰ কৰি নুমলীগড় ৰিফাইনেৰীৰ অ’ভাৰ ডিমেনশ্বনেল কাৰ্গো আৰু প্ৰজেক্ট কাৰ্গোৰ পৰিবহনৰ বাবে এখন চুক্তি সম্পন্ন হয়।ভাৰত চৰকাৰৰ বন্দৰ,জলপৰিবহন, জলাপথ আৰু আয়ুষ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত আৰু পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয় কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ ভাৰ্চুৱেল উপস্থিতিত এন আৰ এল টাউনশ্বিপৰ কুঞ্জকাননত অনুষ্ঠিত এক কাৰ্যসূচীত চুক্তিখনত স্বাক্ষৰ কৰা হয়।আই ডব্লিউ এ আইৰ সঞ্চালক পি শ্ৰীনিবাচন আৰু এন আৰ এলৰ জ্যেষ্ঠ চি জি এম শ্ৰী এ পি চক্ৰৱৰ্তীয়ে দুয়োপক্ষ হৈ চুক্তিত স্বাক্ষৰ কৰে।এই অনুষ্ঠানত অসম চৰকাৰৰ কৃষি আৰু পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰা ,সৰুপথাৰ বিধানসভা সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন ,ডেৰগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ভবেন্দ্ৰ নাথ ভৰালী, আই ডব্লিউ এ আইৰ সদস্য আশুতোষ গৌতম ,এন আৰ এলৰ পৰিচালন সঞ্চালক এছ কে বৰুৱা আৰু এন আৰ এলৰ সঞ্চালক বি জে ফুকন,এন আৰ এলৰ সঞ্চালক আই মিত্ৰ উপস্থিত থাকে।
এই চুক্তিৰ জৰিয়তে গোটেই বছৰজুৰি নদী সমূহৰ নৌ পৰিবহন বাবে যোগ্য কৰি তোলা হ’ব আৰু ৰিফাইনেৰীৰ বিস্তৃত প্ৰকল্পৰ বাবে চিংগল পিচ প্ৰিফেব্ৰিকেটেড প্ৰ’চেছ প্লেন্ট সমন্বিতে ডাঙৰ কাৰ্গো আৰু পুঁজিগত সঁজুলি অনাত সহায়ক হ’ব।লগতে ই ব্যৱসায় আৰু বাণিজ্যিৰ মাৰ্গ প্ৰস্তুস্থ কৰিব।কিয়নো ভৱিষ্যতে ৰিফাইনেৰীৰ কাষেৰে বৈ থকা ধনশিৰী নদীৰে বৃহৎ ৰূপত সামগ্ৰী পৰিবহন কৰা সম্ভৱ হ’ব।
ভাৰত চৰকাৰৰ হাইড্ৰ’ কাৰ্বন ভিজন ,২০৩০ ৰ অংশ ৰূপে নুমলীগড় ৰিফাইনেৰী লিমিটেড নিজৰ বৰ্তমানৰ ৰিফাইনিং ক্ষমতা ৩ এম এম টি পি পৰা তিনি গুণ বৃদ্ধি কৰি ৯ এম এম টি পি এলৈ যোৱাৰ এক প্ৰধান ৰিফাইনেৰী বিস্তৃত প্ৰকল্প আৰম্ভ কৰিছে।এই প্ৰকল্পৰ অংশ ৰূপে দেশ আৰু বিদেশৰ পৰা ১,০০০তকৈ অধিক সঁজুলি পৰিবহন কৰা হ’ব।ইয়াৰে অনেক সঁজুলি অ’ভাৰ ডাইমেনশ্বনেল কনছাইমেণ্ট আৰু অ’ভাৰ ভেটি কনছাইমেণ্ট শ্ৰেণীৰ।এই সঁজুলি সমূহৰ সুৰক্ষিত ডেলিভাৰী বাবে এন আৰ এলে স্থল আৰু জল পথেৰে মাণ্টীম’ডেল ট্ৰেন্সপ’টেশ্বন প্ৰযোজ্য কৰিব। পথ পৰিবহন থকা বিভিন্ন সীমাবদ্ধকতা কাৰণে দেশৰ পশ্চিমীয়া অঞ্চল সমূহত প্ৰধান বন্দৰ সমূহক উত্তৰ পূবৰ লগত সংযোগ কৰি এন আৰ এললৈকে লৈ আহি সাগৰীয় আৰু নদী পথৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব।বিশেষকৈ সমুদ্ৰ আৰু জল পথসমূহৰ মাধ্যমেৰে পৰিবহনৰ বাবে ১৩ অ’ডি চিৰ চিনাক্তকৰণ কৰা হৈছে।বজাৰৰ সৰ্বাধিক দৈৰ্ঘ্য ৯৭ মিটাৰ, ব্যাস ১০.৩ মিটাৰ আৰু ওজন ৯৬০ মেট্ৰিক টন হয়। পৰিবহন প্ৰক্ৰিয়াক সুবিধা জনক কৰিবলৈ নদী পথ সমূহৰ বৃহৎ ভাৱে ড্ৰেজিঙৰ ব্যৱস্থা কৰা হ’ব।প্ৰয়োজন সাপেক্ষে এন আৰ এলে জেট্ৰীত কৰাৰো সুবিধা বৃদ্ধি কৰিব। জলপথ সমূহৰ লগত পৰিকল্পিত আন্তঃগাঁথনি উন্নয়ন ব্যৱস্থাৰ জৰিয়তে ৰিফাইনেৰীৰ শুকান সামগ্ৰী তথা অঞ্চলটোৰ কৃষি উৎপাদিত সামগ্ৰীৰ শ্বিপিঙৰ বাবে কৰা হ’ব।ইয়াৰ জৰিয়তে ৰপ্তানি ক্ষেত্ৰত উত্তৰ পূৱৰ লগত দেশৰ অন্য স্থানৰ যাতায়ত তথা যোগাযোগৰ বৃদ্ধিৰ অৰিহণা যোগাব।

Leave A Reply

Your email address will not be published.