নৰ্থ লখিমপুৰ কলেজৰ গ্ৰন্থ উন্মোচন

0 292

আজি গুৱাহাটী প্ৰেছ ক্লাৱত নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ দুখনকৈ গ্ৰন্থ উন্মোচন কৰা হয়।উন্মোচনী অনুষ্ঠানত আঁত ধৰে পঙ্কজ কুমাৰ দত্তই।অনুষ্ঠানৰ আৰম্ভণিতে অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক অৰবিন্দ ৰাজখোৱাই আদৰণি ভাষণ প্ৰদান কৰে আৰু বিভাগৰ হৈ মুনমী দত্তই অতিথি সকলক সম্বৰ্ধনা জ্ঞাপন কৰে।অৰবিন্দ ৰাজখোৱাৰ সম্পাদনা আৰু বিতু বড়াৰ সহ সম্পাদনাৰে প্ৰকাশ পোৱা ‘অসমীয়া প্ৰকৃতি সাহিত্য আৰু সৌম্যদ্বীপ দত্ত’ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে অনুৰাধা শৰ্মা পূজাৰীয়ে আৰু ভাস্কৰ ভূঞাৰ সম্পাদনাত প্ৰকাশ পোৱা ‘বৰগোহাঞি চৰ্চা’ শীৰ্ষক গ্ৰন্থখন উদ্বোধন কৰে ময়ূৰ বৰাই।’অসমীয়া প্ৰকৃতি-সাহিত্য আৰু সৌম্যদ্বীপ দত্ত’ গ্ৰন্থখনত অসমীয়া বিভাগৰ স্নাতকোত্তৰ মহলৰ ছাত্ৰ ছাত্ৰী সকলে সৌম্যদ্বীপ দত্তৰ সাহিত্যৰাজিক বিচাৰ বিশ্লেষণ কৰিছে।ইয়াৰ উপৰিও সৌম্যদ্বীপ দত্তৰ গ্ৰন্থ সম্পৰ্কে অসমৰ বিভিন্ন জন লেখকে লিখা প্ৰবন্ধ কেইটামান গ্ৰন্থখনত সন্নিবিষ্ট কৰা হৈছে।আনহাতে বৰগোহাঞি চৰ্চ্চা গ্ৰন্থখনত হোমেন বৰগোহাঞিৰ সামগ্ৰিক কৰ্মৰাজিক সামৰি বিভাগৰ প্ৰাক্তন তথা বৰ্তমানৰ ছাত্ৰ ছাত্ৰী সকলে বিভিন্ন প্ৰবন্ধ লিখিছে।
উন্মোচনী ভাষণত অনুৰাধা শৰ্মা পূজাৰীয়ে পৃথিৱীৰ সুস্থ বাতাবৰণত প্ৰকৃতি আৰু পৰিবেশিক সাহিত্যৰ গুৰুত্ব আৰু প্ৰকৃতি সুৰক্ষা আন্দোলনত সৌম্যদ্বীপ দত্তৰ ভূমিকা সম্পৰ্কে উল্লেখ কৰে।বৰগোহাঞি চৰ্চা গ্ৰন্থখন উন্মোচন কৰি ময়ূৰ বৰাই অসমৰ সমাজ জীৱনৰ হোমেন বৰগোহাঞি ভূমিকা আৰু প্ৰাসংগিকতাৰ বিষয়ে বক্তব্য কৰাৰ লগতে তেখেতৰ মৃত্যুৰ মাত্ৰ এমাহৰ ভিতৰত নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ ছ’চিয়েল মিডিয়া জৰিয়তে বৰগোহাঞি চৰ্চাৰ প্ৰচেষ্টাটো আৰম্ভ হোৱাৰ বাবে বিভাগটোৰ শলাগ লয়।অনুষ্ঠানটোত সম্পাদক ভাস্কৰ ভূঞাই বৰগোহাঞি চৰ্চা গ্ৰন্থখন প্ৰকাশৰ অন্তৰালৰ কিছু কথা ব্যক্ত কৰে আৰু পৰিশেষত বিভাগৰ হৈ শলাগৰ শৰাই আগবঢ়াই প্ৰাক্তন ছাত্ৰ বিতু বড়াই। গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোত অনন্ত হাজৰিকা, ধৰণী লাহন,দিব্যৰঞ্জন শৰ্মা খাটনিয়াৰ,মনজিৎ ৰাজকোঁৱৰ,তপন দত্ত চৌধুৰী, বশিষ্ট দেৱ ফুকন লগতে অসমীয়া বিভাগৰ ভালেই সংখ্যক প্ৰাক্তন ছাত্ৰ ছাত্ৰী উপস্থিত থাকে।প্ৰকাশিত গ্ৰন্থ দুখন গুৱাহাটীৰ বনলতা আৰু বান্ধৱ প্ৰকাশনত পোৱাৰ লগতে নৰ্থ লখিমপুৰ কলেজ প্ৰকাশনত উপলব্ধ হ’ব।

Leave A Reply

Your email address will not be published.