নৱগঠিত খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰী বৈঠক

0 267

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি নতুনকৈ সৃষ্টি কৰা খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ বিষয়া সকলৰ সৈতে এক আলোচনাত মিলিত হয়।আলোচনা কালত মুখ্যমন্ত্ৰীয়ে নতুনকৈ সৃষ্টি কৰা বিভাগটোৰ কাম কাজৰ অগ্ৰগতি বুজ লয়।উল্লেখ্য যে নতুনকৈ সৃষ্টি কৰা এই বিভাগৰ অধীনত ইতিমধ্যে সংগ্ৰহালয় সঞ্চালকালয় আৰু বুৰঞ্জী আৰু পুৰাতত্ত্বৰ সঞ্চালকালয়ক অন্তৰ্ভুক্ত কৰা হৈছে।মুখ্যমন্ত্ৰীয়ে আজি বৈঠকতে বিভাগটোৰ অধীনত খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি সঞ্চালকালয় নামেৰে আৰু এটা সৃষ্টি কৰাৰ বাবে নিৰ্দেশ দিয়ে।
আজিৰ বৈঠকতে মুখ্যমন্ত্ৰীয়ে বিভাগটোৰ প্ৰশাসনিক আৰু বিত্তীয় কাম কাজ সমূহ অহা ৭ দিনৰ ভিতৰত বিত্ত বিভাগৰ সৈতে আলোচনাত মিলিত হৈ সু সংহত কৰাৰ বাবেও নিৰ্দেশ দিয়ে।বিভাগটোৰ সৃষ্টি কৰাৰ দিশত ৰাজ্য চৰকাৰে এক মহৎ উদ্দেশ্য আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে বিভাগটোৰ সচিব সীমাৰেখা ভূঞাক ৰাজ্য খনৰ শতাব্দী প্ৰাচীন পৰম্পৰা ধৰি ৰখা সম্প্ৰদায়সমূহ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাসৰ এখন যথাযথ তালিকা অতিশীঘ্ৰে প্ৰস্তুত কৰাৰ বাবে নিৰ্দেশ দিয়ে।মুখ্যমন্ত্ৰীয়ে লগতে ৰাজ্য খনৰ যি সমূহ ঠাইত প্ৰত্নতাত্বিক সমল আছে এই ঠাইতে প্ৰত্নতাত্বিক সমলসমূহ সংৰক্ষণ বাবে সংগ্ৰাহালয় স্থাপনৰ উদ্যোগ ল’বলৈ কয়।বৈঠকত মুখ্যমন্ত্ৰীয়ে এই বিভাগটোৰ অধীনস্থ সংগ্ৰহালয় সঞ্চালকালয় ,প্ৰন্ততত্ব সঞ্চালকালয় আৰু বুৰঞ্জী আৰু পুৰাতত্ব সঞ্চালকালয় অহা ৭ দিনৰ ভিতৰত বিভিন্ন কাম কাজ সন্নিবিষ্ট কৰণেৰে প্ৰেজেন্টেশ্যন প্ৰস্তুত কৰাৰ বাবেও নিৰ্দেশ দিয়ে।
আজি এই বৈঠকত মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা ,খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ সচিব সীমাৰেখা ভূঞা, সংগ্ৰহালয় সঞ্চালকালয় সঞ্চালক ৱাই এছ বেংলেংটন ,প্ৰত্নতত্ব সঞ্চালকালয় সঞ্চালিকা দীপিৰেখা কুলি আৰু বুৰঞ্জী আৰু পুৰাতত্ব সঞ্চালকালয়ৰ সঞ্চালিকা অনিতা চৌধুৰীকে ধৰি অন্যান্য বিষয়া সকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.