নৱনিৰ্বাচিত নতুন মুখ্যমন্ত্ৰীক অসম সত্ৰ মহাসভাই আৰ্শীবাদ আৰু অভিনন্দন জনাইছে

0 228

নৱনিৰ্বাচিত অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতৰ নেতৃত্বাধীন চৰকাৰখনলৈ অসম সত্ৰ মহাসভাই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে সভাপতি জিতেন্দ্ৰ নাথ প্রধানী আৰু প্রধান সম্পাদক কুসুম কুমাৰ মহন্তই । পৰম পিতা‌ পৰমেশ্মৰৰ ওচৰত ড: হিমন্ত বিশ্ব শৰ্মা সুস্বাস্থ্যৰ গৰাকী হৈ তেখেতৰ নেতৃত্বত অসমখনক ভাৰতৰ ভিতৰতে সৰ্বোচ্চ স্থানলৈ উন্নীত কৰিবলৈ সক্ষম হওঁক। অসমক সকলো বিপদৰ পৰা সুৰক্ষিত কৰি ৰাখক,তাকে প্ৰাৰ্থনা জনাই এক বিবৃতিত।
অসম সত্ৰ মহাসভাই অন্ত:কৰণেৰে আশা কৰিছে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ ১২৪২ খন সত্ৰ আৰু প্রায় একলাখতকৈও অধিক নামঘৰ‌ উজ্জ্বলিত হওঁক আৰু সনাতন হিন্দু জনসাধাৰণে নিবিঘ্নে আধ্যাত্মিক কৰ্ম তথা ইশ্বৰৰ প্রার্থনা কৰিব পাৰে। অসম সত্ৰ মহাসভাই মাননীয় মুখ্যমন্ত্ৰীক জনাব বিচাৰিছে যে অসমৰ সত্ৰসমূহৰ প্ৰায় সাতহাজাৰতকৈয়ো অধিক ভূমি বঙ্গীয় মূলৰ মুছলমানৰ বেদখলত আৰু অসমৰ বনাঞ্চলৰ লক্ষাধিক একৰ সংৰক্ষিত বনাঞ্চলৰ ভূমি, অসমৰ চৰ-চাপৰিৰ লক্ষাধিক ভূমি সন্দেজনক নাগৰিকৰ বেদখলত আছে। মুখ্যমন্ত্ৰী মহোদয়ে এইক্ষেত্ৰত গুৰুত্ব প্রদান কৰি অসমৰ সত্ৰসমূহৰ বেদখল‌ হৈ থকা ভূমিসমূহ বেদখল মুক্ত কৰিবলৈ বিবৃতিটোত অনুৰোধ জনায়।

Leave A Reply

Your email address will not be published.