অসমৰ ক্ৰিকেট প্ৰেমীসকলৰ বাবে সুঃখবৰ।নৱবৰ্ষৰ আৰম্ভণিতে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আন এখন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট।এই কথা জানিবলৈ দিছে অসম ক্ৰিকেট সন্থাই।৯ জানুৱাৰীত ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া শৃংখলাৰ প্ৰথমখন খেল অনুষ্ঠিত হ’ব বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত।অৱশ্যে এই খেলখনৰ বাবে টিকট বিক্ৰীৰ তাৰিখ এতিয়াও ঘোষণা কৰা হোৱা নাই।উল্লেখ্য যে, বাংলাদেশৰ সৈতে খেলি থকা শৃংখলাৰ অন্ত পৰাৰ পিছতে ভাৰতীয় ক্ৰিকেট দলটোৱে শ্ৰীলংকা, নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় শৃংখলাত অৱতীৰ্ণ হ’ব।ভাৰতীয় দলটোৱে প্ৰথমে শ্ৰীলংকাৰ বিৰুদ্ধে তিনিখন টি-২০ আৰু ৩খন এদিনীয়া মেচ খেলিব আৰু তাৰ পিছত তিনিখন এদিনীয়া আৰু তিনিখন টি-২০ মেচত নিউজিলেণ্ডক আতিথ্য প্ৰদান কৰিব।তাৰ পাছত ভাৰতে নিজৰ মনোযোগ টেষ্ট ক্ৰিকেটলৈ স্থানান্তৰিত কৰি চাৰিখন মেচৰ টেষ্ট শৃংখলাত অষ্ট্ৰেলিয়াক আদৰিব।
Trending
- স্বাস্থ্য মন্ত্ৰী অশোক সিংহলৰ চৰাইদেউ, নাজিৰা, শিৱসাগৰ আৰু ডিমৌৰ বানাক্ৰান্ত অঞ্চল, সাহায্য আৰু স্বাস্থ্য শিৱিৰ পৰিদৰ্শন
- ভূই ৰোৱা উৎসৱ পালন
- প্ৰতিবছৰে বানপানীয়ে কিয় জোকাৰি যায় অসমক, ইয়াৰ স্থায়ী সমাধান আছে নে
- মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ছ’চাইটি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাজত বুজাবুজিৰ চুক্তি
- কৃষি বিজ্ঞান কেন্দ্র কামৰূপত নাচাৰ্ৰীৰ বৃত্তিমূলক পাঁচদিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ সামৰণি
- বোকাখাতৰ নুমলীগড়স্থিত বান সাহাৰ্য্য শিবিৰত আজি উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing