এতিয়াৰে পৰা নৱম দশম শ্ৰেণীৰ ছাত্র ছাত্রীয়ে লাভ কৰিব শিক্ষামূলক জলপানি।অসম চৰকাৰৰ ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগে প্ৰৱৰ্তন কৰিছে এই বিশেষ জলপানি আঁচনি।উল্লেখ্য যে এই আঁচনিৰ জৰিয়তে চৰকাৰে অনুসূচীত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ ছাত্র ছাত্রী সকললৈ আগবঢ়াইছে এই সেৱা।এই আঁচনিত আছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পূৰ্বৰ জলপানি আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পাছৰ জলপানি।ইয়াৰে অনুসূচীত জাতিৰ(বছৰি আয় ২ লাখ টকা)ছাত্র ছাত্রীসকলে দৈনিক বৃত্তি ৩,০০০ টকা আৰু হোষ্টেলৰ আৱাসী হ’লে ৬,২৫০ টকা লাভ কৰিব।আনহাতে অন্যান্য পিছপৰা শ্ৰেণীৰ ছাত্র ছাত্রীসকলে(বছৰি আয় ২.৫০ লাখ টকা)দৈনিক বৃত্তি ১,৫০০ টকা আৰু হোষ্টেলৰ আৱাসী হ’লে ৫,৫০০ টকা লাভ কৰিব।ইয়াৰোপৰি অনুসূচীত জাতিৰ ছাত্র ছাত্রীসকলৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পাছৰ জলপানি(বছৰি আয় ২,৫০,০০০ টকা) চাৰিটা গোটত ভাগ কৰিছে।ইয়াৰে মাহিলী পৰিচালনা ভাত্তা হোষ্টেলৰ আৱাসী আৰু দৈনিক বৃত্তি হিচাপে দুটা ভাগত প্ৰদান কৰিব।তাৰোপৰি অন্যান্য পিছপৰা শ্ৰেণীৰ ছাত্র ছাত্রীসকলে(বছৰি আয় ২,৫০,০০০টকা)লাভ কৰিব মাহিলী পৰিচালনা ভাত্তা।ইয়াৰে দুয়োটা শাখাতে বছৰি সৰ্বাধিক মাচুল হ’বগৈ ৫০,০০০ টকা।উল্লেখযোগ্য যে এই শিক্ষামূলক জলপানি আঁচনিৰ আবেদনৰ অন্তিম তাৰিখ ২৯ ফেব্ৰুৱাৰী।অনলাইনযোগে হ’বলগীয়া এই আবেদন পত্ৰ জমা দিব লাগিব scholarships.gov.in ৱেবছাইটত।
Trending
- স্বাস্থ্য মন্ত্ৰী অশোক সিংহলৰ চৰাইদেউ, নাজিৰা, শিৱসাগৰ আৰু ডিমৌৰ বানাক্ৰান্ত অঞ্চল, সাহায্য আৰু স্বাস্থ্য শিৱিৰ পৰিদৰ্শন
- ভূই ৰোৱা উৎসৱ পালন
- প্ৰতিবছৰে বানপানীয়ে কিয় জোকাৰি যায় অসমক, ইয়াৰ স্থায়ী সমাধান আছে নে
- মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ছ’চাইটি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাজত বুজাবুজিৰ চুক্তি
- কৃষি বিজ্ঞান কেন্দ্র কামৰূপত নাচাৰ্ৰীৰ বৃত্তিমূলক পাঁচদিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ সামৰণি
- বোকাখাতৰ নুমলীগড়স্থিত বান সাহাৰ্য্য শিবিৰত আজি উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing