পঞ্চায়ত নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা প্ৰিজাইডিং, পলিং বিষয়া- কাইলৈ কামৰূপ মহানগৰ জিলাৰ ২৬৬ টা কেন্দ্ৰত ভোটগ্ৰহণ
কাইলৈ অৰ্থাৎ ৭ মে’ত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত জালুকবাৰী সমজিলা আৰু ডিমৰীয়া সমজিলাৰ ভোটগ্ৰহণৰ বাবে আজি বেলট বাকচসহ অন্যান্য নিৰ্বাচনী সামগ্ৰীসমূহ বিতৰণ কৰা হয়।জালুকবাৰী সমজিলা আয়ুক্তৰ কাৰ্যালয় আৰু ডিমৰীয়া সমজিলাৰ ট্ৰাইচেম কমিউনিটি হ’লত বিতৰণ কৰা নিৰ্বাচনী সামগ্ৰীসমূহ লৈ প’লিং বিষয়াৰ দলসমূহ নিৰ্ধাৰিত বাহনত সংশ্লিষ্ট কেন্দ্ৰলৈ ৰাওনা হয়।উল্লেখযোগ্য যে কামৰূপ মহানগৰ জিলাত ৬ খন জিলা পৰিষদ,৩ খন আঞ্চলিক পৰিষদ আৰু ২০ খন গাওঁ পঞ্চায়তৰ অধীনত ২০০ টা ৱাৰ্ড আছে ।কামৰূপ মহানগৰ জিলাৰ নিৰ্বাচন বিভাগে সদৰি কৰা মতে কামৰূপ মহানগৰ জিলাৰ উক্ত সমজিলাদুখনত সৰ্বমুঠ ১,৮৯,০২১ গৰাকী ভোটাৰ আছে । ইয়াৰ ভিতৰত ৯৭,৫৮৮ গৰাকী মহিলা আৰু ৯১,৪২৫ গৰাকী পুৰুষ আৰু ৮ গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে । একেদৰে জালুকবাৰী সমজিলাত ৬৬ টা আৰু ডিমৰীয়া সমজিলাত ২০০টা অৰ্থাৎ ২৬৬ টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে।ভোটগ্ৰহণ প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পাদন কৰাৰ বাবে প্ৰায় ৩০৭ গৰাকী প্ৰিজাইডিং বিষয়া আৰু প্ৰায় ৯২১গৰাকী পলিং বিষয়াৰ লগতে প্ৰয়োজনীয় সুৰক্ষা কৰ্মী নিয়োগ কৰা হৈছে।ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ ভোটদান প্ৰক্ৰিয়া সুকলমে পৰিচালনা কৰাৰ বাবে ইতিমধ্যে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে।