পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ ঠিকাভিত্তিত নিযুক্ত কৰ্মচাৰীৰ বাবে সুখবৰ:বেতনৰ বৃদ্ধি প্ৰস্তাৱত অনুমোদন চৰকাৰৰ

0 231

অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে বিভাগৰ অধীনত ঠিকাভিত্তিত নিযুক্ত কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।এই সম্পৰ্কত আয়ুক্ত কাৰ্যালয়ে দিয়া প্ৰস্তাৱৰ ভিত্তিত চলিত বৰ্ষৰ জানুৱাৰী মাহৰ ১ তাৰিখৰ পৰা প্ৰযোজ্য হোৱাকৈ বিভাগীয় মন্ত্ৰী নৱ কুমাৰ দলে অনুমোদন জনায়।এই সিদ্ধান্তৰ বিষয়ে সদৰি কৰি বিভাগৰ আয়ুক্ত হেমেন দাসে কয় যে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ জনকল্যাণ মুকল আঁচনি সমূহ ৰূপায়ণৰ ক্ষেত্ৰত মূল চালিকা শক্তি ৰূপে পৰিগণিত হোৱা ঠিকাভিত্তিত নিযুক্ত কৰ্মচাৰী সকলৰ বিভিন্ন অভাৱ অভিযোগ সম্পৰ্কত মন্ত্ৰী পৰ্যায়ৰ লগতে বিভাগেও গুৰুত্ব সহকাৰে বিবেচনা কৰি আছে আৰু তেওঁলোকৰ বাবে বিভিন্ন সা-সুবিধা উপলব্ধ কৰিবলৈ বিভাগে তৎপৰতাৰে কাম কৰি আছে।
ইয়াৰে অংশ ৰূপেই দৰমহা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।তেওঁ লগতে কয় যে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ঠিকাভিত্তিত নিযুক্ত সকলো কৰ্মচাৰীক জীৱন বীমা আৰু স্বাস্থ্য বীমা সেৱাৰ অধীনত বিভিন্ন সা-সুবিধা প্ৰদানৰ বিষয়েও চৰকাৰে বিবেচনা কৰি আছে।এই ব্যৱস্থাই কৰ্মচাৰী সকলৰ মনত অধিক কৰ্মস্পৃহা জাগ্ৰত কৰিব বুলিও আয়ুক্ত গৰাকীয়ে আশা প্ৰকাশ কৰে।
উল্লেখযোগ্য যে বৰ্তমান বিভাগটোত ১০,৭২৪ গৰাকী ঠিকাভিত্তিত নিযুক্ত কৰ্মচাৰীয়ে সেৱা আগবঢ়াই আছে।তেওঁলোকৰ দৰমহা বৃদ্ধিৰ বাবে তিনিটা খলপ নিৰ্ধাৰণ কৰা হৈছে। এই অনুসৰি ২৫ হাজাৰ লৈকে দৰমহা পোৱা সকলৰ ক্ষেত্ৰত ১০ শতাংশ দৰমহা বৃদ্ধি কৰাৰ বিপৰীতে ২৫,০০১ টকাৰ পৰা ৫৫ হাজাৰতকৈ অধিক দৰমহা পোৱা সকলৰ বাবে ক্ৰমে ৮ আৰু ৫ শতাংশ দৰমহা বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে।তদুপৰি ক্ষেত্ৰ পৰিদৰ্শনৰ সুবিধাৰ বাবে ঠিকা ভিত্তিক কৰ্মচাৰী সকলক যাতায়তৰ বাবদ মাহিলী ৫০০ টকাকৈ আৰু টেলিফোন বা ইণ্টাৰনেট সংযোগৰ বাবে মাহত ২৫০ টকাকৈ প্ৰদান কৰাৰো সিদ্ধান্ত লোৱা হয়।এই সুবিধা প্ৰদান তথা বেতন বৃদ্ধিৰ বাবে বিভাগে বছৰি ২০ কোটিৰো অধিক ধন অতিৰিক্ত ভাৱে ব্যয় কৰিব লাগিব।

Leave A Reply

Your email address will not be published.