পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত ৰূপায়ণ কৰি থকা শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি আৰু ইন্দিৰা মিৰি সাৰ্বজনীন বিধবা পেঞ্চন আঁচনিৰ পুঁজি মুকলি প্ৰক্ৰিয়া সৱলীকৰণ কৰিলে অসম চৰকাৰে। কালি মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা নিয়মীয়া সাপ্তাহিক কেবিনেট বৈঠকত এই সিদ্ধান্ত লোৱা হয়। এই অনুসৰি এতিয়াৰ পৰা উল্লেখিত আঁচনি দুখনৰ চিলিঙৰ বাবে বিত্ত বিভাগৰ অনুমোদন প্ৰয়োজন নহ’ব। বিভাগৰ শীৰ্ষতম সচিবগৰাকীয়ে দিব এই অনুমোদন আৰু এই আঁচনি দুখনৰ অধীনৰ হিতাধিকাৰীসকলে প্ৰতিমাহৰ ১০ তাৰিখে নিয়মীয়াকৈ তেওঁলোকৰ পেঞ্চন লাভ কৰিব। অসম চৰকাৰৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বাবে পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে মূখ্যমন্ত্ৰী ড০ শৰ্মাৰ লগতে কেবিনেটৰ সতীৰ্থসকলক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে। পুঁজি মুকলি প্ৰক্ৰিয়াৰ এই সৱলীকৰণে উল্লেখিত আঁচনি দুখনৰ অধীনত বৰ্তমানলৈ থকা ১৫ লাখতকৈ অধিক পেঞ্চনাৰলৈ নিৰ্দ্ধাৰিত সময়ত মাহিলী প্ৰদান সুনিশ্চিত কৰিব বুলিও তেওঁ কয়। উল্লেখ্য যে, শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনিৰ অধীনত এতিয়ালৈ ১২,৫৬,৮৯৮ গৰাকী হিতাধিকাৰীয়ে পেঞ্চন লাভ কৰি আছে আৰু নতুনকৈ হোৱা অনুমোদনৰ সৈতে এই আঁচনিৰ অধীনত সৰ্বমুঠ ১৩,১৫,৭৫৯ গৰাকী হিতাধিকাৰী হৈছেগৈ। আনহাতে ইন্দিৰা মিনি সাৰ্বজনীন বিধবা পেঞ্চন আঁচনীৰ অধীনত ইতিমধ্যে ১,৭০,০৩৪ গৰাকী বিধবা মহিলা উপকৃত হোৱাৰ লগতে নতুন অনুমোদনৰ সৈতে বৰ্তমান এই আঁচনিৰ অধীনৰ হিতাধিকাৰী সংখ্যা হৈছে ১,৮৫,৩৩২ গৰাকী। দুয়োখনেই আঁচনিয়েই সাৰ্বজনীন ৰূপত ৰূপায়িত হৈ থকাৰ বাবে আগন্তুক দিনত হিতাধিকাৰীৰ সংখ্যা আৰু অধিক হবগৈ। এই আঁচনিৰ সুবিধা ল’বৰ বাবে যোগ্যসকলো ব্যক্তিকে আগবাঢ়ি আহি এই আঁচনিৰ দ্বাৰা উপকৃত হ’বলৈ মন্ত্ৰী দাসে আহ্বান জনাইছে।
Trending
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী
- আগন্তুক ২-৩ দিনত গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকা বুলি আই এম ডি (IMD) ৰ পূৰ্বানুমান
- Union Minister Dr. Jitendra Singh Visits NECTAR, Lauds Science-Driven Innovations Transforming the North East
- NSE Crude Oil Options Hit Record Premium Turnover, Volume & Open Interest*
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক