পথ সুৰক্ষা সজাগতা সভা

0 309

পথ সজাগতা সপ্তাহৰ লগত সংগতি ৰাখি কামৰূপ (মহানগৰত) জিলা পুথিভঁৰালত পথ সুৰক্ষা সজাগতা সভা অনুষ্ঠিত হয়।অনুষ্ঠানত উপস্থিত থাকি পৰিবহণ বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কয় যে, অধিকাংশ পথ দুৰ্ঘটনাৰ অন্যতম কাৰণ হ’ল পথ সুৰক্ষাৰ সম্পৰ্কে সজাগ নোহোৱা। মই ভাবো, সজাগতাৰ বাবে যদি স্কুল, কলেজক জৰিত কৰি সভা অনুষ্ঠিত কৰো নিশ্চয়কৈ ছাত্ৰ অৱস্থাৰ পৰাই পথৰ সম্পৰ্কে সজাগ হ’ব। চৰকাৰে পথ দুৰ্ঘটনা ৰোধ কৰিবৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও সিমান সফল হোৱা নাই। ইয়াৰ বিপৰীতে চুইডেনত প্ৰতি বছৰে দুৰ্ঘটনাত ৩ জনকৈ লোকৰ মৃত্যু হয়। এই মন্তব্য চন্দ্ৰ মোহন পাটোৱাৰীৰ। উল্লেখযোগ্য যে ১৯৯০ চনৰ পৰা পথ সুৰক্ষা সপ্তাহ অনুষ্ঠিত হৈ আহিছে যদিও দৈনিক প্ৰায় ৭ জনকৈ মৃত্যু হয় বুলি এক সমীক্ষাত প্ৰকাশ পাইছে।

জানিব পৰা মতে কম্পিউটাৰাইজ পদ্ধতিৰে ড্ৰাইভিং লাইচেন্সে বনোৱা ৬ ষষ্ঠ তম স্থানত (মহানগৰীৰ) কাৰ্য্যালয় আছে। ইয়াৰ জৰিয়তে কোনো চালকৰ পথ নিৰ্দেশনা আদি পাঠ শিকোৱা হয়। ইতিমধ্যে একাদশ শ্ৰেণীৰ পাঠ্যপুথিত পথ সুৰক্ষা আৰু নিৰ্দেশনা সম্পৰ্কে পাঠ্যক্ৰম সন্নিবিষ্ট কৰা হৈছে। আজিৰ সজাগতা সভাত কামৰূপ মহানগৰৰ উপায়ুক্ত বীৰেন্দ্ৰ মিট্টাল আই পি এচ অমনজিৎ কৰে আদি কৰি বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.