অসম বন বিভাগৰ গুৱাহাটী বন্যপ্ৰাণী বিভাগ আৰু অঞ্চলটোৰ গৱেষণা আধাৰিত জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে যোৱা ৬ ফেব্ৰুৱাৰীত পবিতৰা অভয়াৰণ্যত তৃতীয় বাৰ্ষিক জলচৰ পক্ষীৰ গণনা সফলতাৰে অনুষ্ঠিত কৰে । এই গণনাত ৫৬ টা প্ৰজাতিৰ পৰিভ্ৰমী আৰু আৱাসিক চৰাইৰ মুঠ প্ৰায় আঠ হাজাৰ দুশ পক্ষী পোৱা গৈছে।গণনাৰ মুখ্য উদ্দেশ্য আছিল চৰাইৰ ওপৰত তথ্য সংগ্ৰহ কৰা আৰু দীৰ্ঘম্যাদী সংৰক্ষণ বাবে এই প্ৰজাতিৰ বোৰ নিৰীক্ষণ কৰা।উল্লেখনীয় যে এই বাৰ্ষিক গণনা তিনি বছৰ ধৰি সকলো মহলৰ পৰা সক্ৰিয় অংশগ্ৰহণ কৰি অহা হৈছে।বন বিভাগৰ কৰ্মচাৰী আৰণ্যকৰ সদস্য ,কৰ্মচাৰী আৰু অন্যান্য স্বেচ্ছাসেৱকসহ প্ৰায় ৩০ জন লোকে মুঠ ৬ ভাগত বিভক্ত হৈ পক্ষী গণনা কাৰ্য্য সম্পন্ন কৰে।গুৱাহাটী বন্যপ্ৰাণী বিভাগৰ বিভাগীয় বন বিষয়া জয়শ্ৰী নাইডিং টংকে অংশগ্ৰহণকাৰী সকলক আদৰণি জনায় আৰু গণনাৰ গুৰুত্ব ব্যাখ্যা কৰে।অসম বন বিভাগৰ এজন মুখ্য বন সংৰক্ষক ড° সোণালী ঘোষেও অংশগ্ৰহণকাৰী সকলক এনে অনুশীলনৰ গুৰুত্বৰ বিষয়ে জনায়।আৰণ্যকৰ জ্যেষ্ঠ বিজ্ঞানী উদয়ন বৰঠাকুৰ গণনা বিৱৰণ দিয়াৰ উপৰিও অংশগ্ৰহণ কাৰী সকলক চৰাই গগণাৰ বাবে কৰিবলগা পদ্ধতি বিষয়ে অৱগত কৰে।পবিতৰা ৰেঞ্জ বিষয়া নয়নজ্যোতি দাসে এই প্ৰক্ৰিয়াৰ বিভিন্ন দিশৰ বিষয়ে জনায়।আৰণ্যকৰ উদয়ন বৰঠাকুৰ ড° বিভূতি প্ৰসাদ লহকৰ,নৱ চৌধুৰী, প্ৰসন্ন কলিতা,মৃদুল কুমাৰ চক্ৰৱৰ্তী আৰু এৰশাদূৰ ৰহমানে গণনাৰ পৰিচালনাত বিভিন্ন দলক নেতৃত্ব দিয়ে।
Trending
- Strengthening Investor Awareness and Investor Protection in North East Region
- উত্তৰ পূৱ মণ্ডল আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ তিনিটাকৈ স্বৰ্ণ পদক লাভ
- অসমত বিনিয়োগকাৰীসকলৰ সজাগতা আৰু সুৰক্ষাক দৃঢ়কৰণ
- গোপাল জালানৰ অসুখী পৃথিৱীত সুখী হোৱাৰ বাসনা
- Assam CM meets Prime Minister; thanks PM for a new urea plant
- খানাপাৰাত ‘এডভান্টেজ অসম’ৰ প্ৰস্তুতিৰ বুজ ললে উদ্যোগ মন্ত্ৰী বিমল বড়াই
- মন্ত্ৰী অশোক সিংহল আৰু ৰূপেশ গোৱালাৰ উপস্থিতিত জনতা ভৱনত স্বাস্থ্য, শ্ৰমিক কল্যাণ তথা চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগৰ যুটীয়া বৈঠক অনুষ্ঠিত
- সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাৰ জন্মদিনত কৃষক মেল
- Union Budget 2025 is Growth oriented and people centric”, says Mr Ashishkumar Chauhan, MD & CEO NSE
- পৰিবহণ বিভাগৰ উদ্যোগত আৰম্ভ হ’ল বিশেষ জনসেৱা কাৰ্যসূচী-সুৰক্ষিত যাতায়াতৰ লক্ষ্যৰে বহুজাতিক উদ্যোগ-প্ৰতিষ্ঠানত উপস্থিত হৈ সমাধান কৰিলে বাহনৰ নথিপত্ৰ বিষয়ক সমস্যা