দক্ষিণ কামৰূপৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান “প্রাগ একাডেমী”য়ে নৱবৰ্ষৰৰ পহিলা জানুৱাৰীত পলাশবাৰীৰ দহালী কর্কা হাইস্কুলত এখনি কেৰিয়াৰ পৰামর্শদান অনুষ্ঠান অনুষ্ঠিত কৰে। এই উপলক্ষে অনুষ্ঠিত হোৱা সভাৰ আদৰণি ভাষণ প্ৰসঙ্গত দহালী কর্কা হাইস্কুলেৰ প্রধান শিক্ষক প্রতাপ মালীয়ে। ভাষণ প্ৰসংগত মালীয়ে শিক্ষার্থী সকলে সঠিক সময়ত উপযুক্ত কেৰিয়াৰ নির্বাচন কৰিব নোৱাৰিলে জীৱনত সফলতা লাভ কৰোতে প্রত্যাহ্বানৰ সম্মুখীত সম্মুখীন হ’বলগীয়া হয়৷ সেইবাবে ছাত্র-ছাত্রীৰ বাবে কেৰিয়াৰ নির্বাচন অতি গুৰুত্বপূর্ণ বুলি কয়। ইয়াৰ পিছত স্বেচ্ছাসেৱী অনুষ্ঠান প্রাগ একাডেমীৰ অধ্যক্ষ দীলিপ কুমাৰ ঠাকুৰীয়াই ভাষণ প্রসংগত কয় যে কেৰিয়াৰ সম্পর্কে উপযুক্ত জ্ঞানৰ অভাৱত ছাত্র-ছাত্রীয়ে জীৱনত বহুতো ঘাত- প্রতিঘাতৰ সন্মুখীন হব লগা হয়। উচ্চ শিক্ষা লাভৰ বাবে কেনেধৰণে প্ৰস্তুতি কৰিব লাগে তাক থিৰাং কৰিব নোৱাৰা হয়। যাৰ ফলত তেওঁলোকে সম্যক জ্ঞানে সঠিক সিদ্ধান্ত ল’ব নোৱাৰা হয়। যদি ছাত্র ছাত্রীয়ে উপযুক্ত সময়ত কেৰিয়াৰ সম্পর্কীয় জ্ঞান আহৰণ কৰিব পাৰে তেতিয়া তেওঁলোকে সঠিক কোৰিয়াৰ নির্বাচন কৰি নিজকে সমাজত সুপ্রতিষ্ঠিত কৰিব পাৰে আৰু মানৱ সম্পদ অপচয় হোৱাৰ পৰা দেশ আৰু জাতিক ৰক্ষা কৰিব পাৰে৷ অনুষ্ঠানত সমল ব্যক্তি হিচাপে বার্কলেজ গ্লোবেল বেংক সহকাৰী প্রবন্ধক খেমচান্দ চাহাই ভাষণ প্ৰঙ্গত কয় যে, আকর্ষণীয়ভাবে মেট্রিক উত্তীর্ণ ছাত্র-ছাত্রীয়ে কিদৰে বিভিন্ন শাখাত নামভর্ত্তি কৰি বিভিন্ন ধৰণৰ কেৰিয়াৰ গঢ়িব পাকি তাৰ ওপৰত আলোকপাত কৰে।ছাত্র-ছাত্রীৰ মনোগ্রাহী হোৱাকৈ Power Point presentation কৰি ছাত্র-ছাত্রীক সাবলীল ভাষাত বুজাই দিয়ে। উক্ত অনুষ্ঠানত বিদ্যালয়খনৰ অষ্টম আৰু নৱম আৰু দশম শ্রেণীৰ প্রায় ১২০ গৰাকী ছাত্র-ছাত্রীয়ে অংশগ্রহণ কৰে। অনুষ্ঠানত প্রাগ একাডেমীৰ সচিব আবদুল হুছেইন, কার্যকৰী সদস্য নয়নজ্যোতি দাস, ধ্রুবজ্যোতি তালুকদাৰ সমন্বিতে অন্যান্য বিষয়ববীয়া সকল উপস্থিত থাকে।প্রাগ একাডেমীৰ এনে প্ৰচেষ্টাক অঞ্চলবাসী ৰাইজে প্রশংসা কৰে।
Trending
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত