মুভ ওৱেল প্লাচ ফিজিঅ’ থেৰাপী এণ্ড স্পৰ্টছ ইঞ্জুৰি ক্লিনিকৰ চিকিৎসক তথা ফিজিঅ থেৰাপিষ্ট ডা: পল্লৱী নাথৰ উদ্যোগত আৰু ৰামপুৰ ফুটবল কোচিং চেণ্টাৰৰ সহযোগত অলপতে বিশ্ব ফিজিঅ’থেৰাপি দিৱস উদযাপন কৰা হয়। পোন প্ৰথমবাৰৰ বাবে দক্ষিণ কামৰূপৰ ৰামপুৰত ড০ ভূপেন হাজৰিকা সাংস্কৃতিক মঞ্চত অনুষ্ঠিত হোৱা উক্ত দিৱস উপলক্ষে অনুষ্ঠিত হোৱা সভাৰ আঁতধৰে অসম বিজ্ঞান সমিতিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক প্ৰসেনজিৎ কলিতাই। অনুষ্ঠানত ফিজিঅ’ চিকিৎসক তথা মোভ ৱেল প্লাছ ফিজিঅ’থেৰাপি চেণ্টাৰৰ মুখ্য চিকিৎসক ডা: পল্লৱী নাথে উপযুক্ত আৰু বিজ্ঞান সন্মত পৰামৰ্শ নোৱলোৱাকৈ ৰোগীয়ে কেতিয়াও শাৰিৰীক ব্যায়াম কৰিব নালাগে বুলি কয়। লগতে বিভিন্ন ধৰণৰ বিষ যেনে আঠু, ডিঙি পেৰালাইছিছ নাৰ্ভৰ সমস্যা আদিৰ চিকিৎসা সেৱা ফিজিঅ’থেৰাপী উপযুক্ত বিকল্প বুলি কোৱাৰ লগতে ঔষধ অবিহনে ৰোগীয়ে কিদৰে এই চিকিৎসাৰ দ্বাৰা নিৰাময় হব পাৰে তাৰ বিষয়েও চিকিৎসক ডা: পল্লৱী নাথে ভাষণ প্ৰসঙ্গত উল্লেখ কৰে। অনুষ্ঠানত ক্ৰীড়া প্ৰশিক্ষক অমৰেন্দ্ৰ ঠাকুৰীয়া আৰু শিক্ষক অনিল কলিতাই খেলা-ধুলাৰ লগতে বিভিন্ন ৰোগ নিৰাময় ক্ষেত্ৰত ফিজিঅ’থেৰাপি চিকিৎসাই অন্যতম ভুমিকা লৈ আহিছে বুলি ভাষণত উল্লেখ কৰে। অনুষ্ঠানত সাংবাদিক বিমল শৰ্মা, ৰামপুৰ ফুটবল কোচিং চেণ্টাৰৰ মুখ্য প্ৰশিক্ষক তপন কলিতা, প্ৰাক্তন ৰাষ্ট্ৰীয় খেলুৱৈ ৰূপা দাস ঠাকুৰীয়া, প্ৰাক্তন ৰাজ্যিক ফুটবলাৰ নৰেন দাস, ৰামপুৰ মহিলা ফুটবল দলৰ প্ৰশিক্ষক শিল্পী তাঁতীকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখ্য যে, মুভ ওৱেল প্লাচ ফিজিঅ’থেৰাপী এণ্ড স্পৰ্টছ ইঞ্জুৰি ক্লিনিকৰ চিকিৎসক তথা ফিজিঅ থেৰাপিষ্ট ডা: পল্লৱী নাথৰ প্ৰেচেষ্টাত আজাৰাৰ ভি.আই.পি আৰু পলাশবাৰীৰ বিজয়নগৰত দুটাকে ফিজিঅ’থেৰাপি কেন্দ্ৰ মুকলি কৰি চিকিৎসা সেৱা আগবঢ়াই আহিছে।
Trending
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ