পলাশবাৰী সমষ্টিৰ সৰাপাৰা ফ্ৰেণ্ডচ্ ক্লাৱৰ উদ্যোগত অহা ৫ অক্টোবৰত আৰ বি হাইস্কুল খেলপথাৰ, সৰপাৰাত বৰ্ণাঢ্য কাৰ্যসূচীৰে সপ্তম বাৰ্ষিক দশেৰা উৎসৱ (ৰাৱণ বধ) উদযাপন কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে বুলি ফ্ৰেণ্ডচ্ ক্লাৱৰ সভাপতি ধনঞ্জয় ঠাকুৰীয়া আৰু সাধাৰণ সম্পাদক যুগল কাকতী (তগৰ)য়ে জানিবলে দিছে। ক’ভিড কেন্দ্ৰীক পৰিস্থিতিৰ বাবে দুবছৰ বিৰতিৰ পিছত এইবেলি বৰ্ণাঢ্য কাৰ্যসূচীৰে দশেৰা উৎসৱ (ৰাৱণ বধ) কাৰ্যসূচী উদযাপন কৰাৰ বাবে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াক সভাপতি, ৰবীন দাস, পংকজ কুমাৰ দাসক কাৰ্যকৰী সভাপতি, তপন দাস, দীপাংকৰ (দীপ)দাসক সাধাৰণ সম্পাদকদ্বয়, ৰমেন দাস, পংকজ কুমাৰ দেৱানক সহকাৰী সম্পাদকদ্বয় হিচাপে লৈ এখন সমিতি গঠন কৰিছে। প্ৰায় ১৫০ ফুট ওখ ৰাৱণৰ প্ৰতিমূৰ্তিটো নিৰ্মাণৰ বাবে প্ৰায় ৩৫ লাখ টকা ব্যায় হোৱাৰ লগতে তিনি মাহ পূৰ্বৰে পৰা শিল্পী বিচিত্ৰ শৰ্মা আৰু সহযোগীয়ে ৰাৱণৰ প্ৰতিমুৰ্তি নিৰ্মাণ কাৰ্যত ব্যস্ত হৈ আছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। দশেৰা উৎসৱ উপলক্ষে ৩ অক্টোবৰ (অষ্টমী) গধুলি ৬ বজাত বন্তি প্ৰজ্বলন। ৪ অক্টোবৰ (নৱমী) গধুলি ৭ বজাত নাম প্ৰসঙ্গ। ৫ অক্টোবৰ (দশমী) গধুলি ৬ বজাত উৎসৱৰ বিশেষ আকৰ্ষণ ২০২১ ইং বৰ্ষৰ ছ’নী টিভিৰ ইণ্ডিয়ান আইডল বিজেতা পৱনদ্বীপ ৰাজনৰ গীতৰ শৰাই, নিশা ৮ বজাত নিমন্ত্ৰিত অতিথিৰ দ্বাৰা ৰাৱণ বধ কাৰ্যসূচী ৰূপায়ণ কৰা হব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিছে। উক্ত দশেৰা উৎসৱৰ সমূহ কাৰ্যসুচীত অঞ্চলটোৰ ৰাইজৰ সহায়-সহযোগ তথা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদযাপন সমিতিয়ে।
Trending
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ
- ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা
- কৃষি কৰ্মৰে নিদৰ্শন দেখুৱাইছে ধাৰাপুৰ ধোপৰতলৰ সাতজনীয়া শিক্ষিত যুৱকৰ দলে
- উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যসেৱাত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি স্বাস্থ্য মন্ত্ৰী অশোক সিংহল
- Union Minister Reviews Schemes, Inaugurates Ziro Handloom Hub
- দক্ষিণ কামৰূপৰ ৰামপুৰৰ সন্তান মেজৰ ভাৰ্গৱ কলিতাক শৌর্যচক্র সম্মান ৰাষ্ট্ৰপতিৰ
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ৭ আসাম বেটেলিয়ান এন চি চিৰ সামূহিক বাৰ্ষিক শিবিৰ
- APRINS Marks World Environment Day 2026 with Expert Round Table on Agroforestry Roadmap for Northeast India
- Governor administers oath of office and secrecy to Council of Ministers