পলাশবাৰী সমষ্টিৰ সৰাপাৰা ফ্ৰেণ্ডচ্ ক্লাৱৰ উদ্যোগত অহা ৫ অক্টোবৰত আৰ বি হাইস্কুল খেলপথাৰ, সৰপাৰাত বৰ্ণাঢ্য কাৰ্যসূচীৰে সপ্তম বাৰ্ষিক দশেৰা উৎসৱ (ৰাৱণ বধ) উদযাপন কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে বুলি ফ্ৰেণ্ডচ্ ক্লাৱৰ সভাপতি ধনঞ্জয় ঠাকুৰীয়া আৰু সাধাৰণ সম্পাদক যুগল কাকতী (তগৰ)য়ে জানিবলে দিছে। ক’ভিড কেন্দ্ৰীক পৰিস্থিতিৰ বাবে দুবছৰ বিৰতিৰ পিছত এইবেলি বৰ্ণাঢ্য কাৰ্যসূচীৰে দশেৰা উৎসৱ (ৰাৱণ বধ) কাৰ্যসূচী উদযাপন কৰাৰ বাবে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াক সভাপতি, ৰবীন দাস, পংকজ কুমাৰ দাসক কাৰ্যকৰী সভাপতি, তপন দাস, দীপাংকৰ (দীপ)দাসক সাধাৰণ সম্পাদকদ্বয়, ৰমেন দাস, পংকজ কুমাৰ দেৱানক সহকাৰী সম্পাদকদ্বয় হিচাপে লৈ এখন সমিতি গঠন কৰিছে। প্ৰায় ১৫০ ফুট ওখ ৰাৱণৰ প্ৰতিমূৰ্তিটো নিৰ্মাণৰ বাবে প্ৰায় ৩৫ লাখ টকা ব্যায় হোৱাৰ লগতে তিনি মাহ পূৰ্বৰে পৰা শিল্পী বিচিত্ৰ শৰ্মা আৰু সহযোগীয়ে ৰাৱণৰ প্ৰতিমুৰ্তি নিৰ্মাণ কাৰ্যত ব্যস্ত হৈ আছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। দশেৰা উৎসৱ উপলক্ষে ৩ অক্টোবৰ (অষ্টমী) গধুলি ৬ বজাত বন্তি প্ৰজ্বলন। ৪ অক্টোবৰ (নৱমী) গধুলি ৭ বজাত নাম প্ৰসঙ্গ। ৫ অক্টোবৰ (দশমী) গধুলি ৬ বজাত উৎসৱৰ বিশেষ আকৰ্ষণ ২০২১ ইং বৰ্ষৰ ছ’নী টিভিৰ ইণ্ডিয়ান আইডল বিজেতা পৱনদ্বীপ ৰাজনৰ গীতৰ শৰাই, নিশা ৮ বজাত নিমন্ত্ৰিত অতিথিৰ দ্বাৰা ৰাৱণ বধ কাৰ্যসূচী ৰূপায়ণ কৰা হব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিছে। উক্ত দশেৰা উৎসৱৰ সমূহ কাৰ্যসুচীত অঞ্চলটোৰ ৰাইজৰ সহায়-সহযোগ তথা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদযাপন সমিতিয়ে।
Trending
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি
- পথিকৰ উদ্যোগত পদুমবড়ীত বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন
- কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত জালুকবাৰী থানা এলেকাৰ দুৰ্গা পূজা উদযাপন আৰু বিসৰ্জন বিষয়ক সভা সম্পন্ন
- Bringing Healthcare Closer to People: Health Camp Held in Kamrup under Seva Sankalp Abhiyan
- চি আৰ পি এফৰ প্ৰথমটো মহিলা বেটেলিয়ানৰ ৪০ বছৰীয়া বৰ্ষপূৰ্তিত ভাগ ললে দ্বিতীয় কমাণ্ড অধিকাৰী মীনা দাস বৰাসহ কেবাজনো অসমীয়া বিষয়া – জোৱানে
- অসমত HPV টিকাকৰণ অভিযান আৰু নিয়মীয়া টিকাকৰণৰ পৰ্যালোচনা
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত নতুন ৰূপত ডঃ ভূপেন হাজৰিকা সন্মিলন কক্ষ