পশ্চিম গুৱাহাটীৰ ৰাণী মণ্ডলৰ অন্তৰ্গত কাঁহিকুছি গাঁও পঞ্চায়তৰ যোগীপাৰা নামঘৰ প্ৰাঙ্গনত ভাৰতীয় জনতা পার্টি, বৌদ্ধিক কোষ অসম প্ৰদেশ, গুৱাহাটী মহানগৰ জিলা আৰু ৰাণী মণ্ডলৰ সহযোগত পহিলা আগষ্টত এক বক্তৃতামালা প্রতিযোগিতা অনুষ্ঠিত হৈ যায় । প্ৰতিযোগিতাৰ বিষয় আছিল মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ চৰকাৰ আৰু অসম তেনেদৰে সৰ্বসাধাৰণৰ দৃষ্টিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অসম চৰকাৰ । আনহাতে গুৱাহাটী জিলা ভিত্তিত অনুষ্ঠিত প্ৰতিযোগিতাত বিভিন্ন মণ্ডল আৰু বিজেপিৰ আন আন শাখা সমূহৰ পৰা প্ৰায় ৩৫ জন প্ৰতিযোগীয়ে ভাগ লয় । আনহাতে প্ৰতিযোগিতাত পশ্চিম গুৱাহাটী মণ্ডলৰ বিৰজা দেৱীয়ে প্ৰথম , ডিমৰীয়া মণ্ডলৰ ধ্ৰুৱজ্যোতি মেধিয়ে দ্বিতীয় , ৰাণী মণ্ডলৰ নিজৰা কলিতা আৰু গুৱাহাটী জিলা কিষাণ মৰ্চাৰ সঞ্জীৱ ডেকাই যুটীয়া ভাবে তৃতীয় স্থান লাভ কৰে । আনহাতে প্ৰতিযোগিতা আৰু বঁটা প্ৰদান অনুষ্ঠানত বিজেপিৰ অসম ৰাজ্যিক কমিটিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা , গুৱাহাটী মহানগৰ জিলাৰ সভাপতি তপন চন্দ্ৰ কলিতা ,প্ৰদেশ বৌদ্ধিক কোষৰ আহ্বায়ক ধ্ৰুৱ বৈশ্য ,ৰাজ্যিক বৌদ্ধিক কোষৰ সদস্যদ্বয় ডঃ দিলীপ কলিতা আৰু চিৰঞ্জীত লহকৰ ,বক্তৃতা প্ৰতিযোগিতাৰ বিচাৰকদ্বয় ক্ৰমে ডাঃ লোকেন প্ৰসাদ ডেকা আৰু প্ৰাণতোষ ৰয় ,ৰাণী মণ্ডলৰ সভাপতি হৰকান্ত নাথ,জিলা পৰিষদৰ সদস্য শিখা নাথ চৌধুৰী ,আজাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী কবিতা বড়ো ৰংপী , মাজিৰগাঁও গাঁও পঞ্চায়তৰ সভানেত্ৰী ববিতা বৈশ্যকে। ধৰি কেবাজনো পঞ্চায়ত প্ৰতিনিধি ,গুৱাহাটী মহানগৰ জিলাৰ বিষয়ববীয়া কাৰ্যনিৰ্বাহক সদস্যআৰু ১২টা মণ্ডলৰ বহু কাৰ্যকর্তা উপস্থিত থাকে।
Trending
- গুৱাহাটী বিশ্ববিদ্যালয়ত কৃত্ৰিম বুদ্ধিমত্তাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা
- যুৱ নেতৃত্ব সমাৰোহ অনুষ্ঠিত
- কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত আন্তঃবিদ্যালয় তৰ্ক প্ৰতিযোগিতা
- ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অমূল্য সৃষ্টিৰাজি সংৰক্ষণৰ অৰ্থে বুজাবুজিৰ চুক্তি স্বাক্ষৰ-গুৱাহাটী বিশ্ববিদ্যালয়ৰ ঐতিহাসিক পদক্ষেপ
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত পিএম শ্ৰী স্কুলৰ বাবে এ আই চি টি ইৰ উদ্ভাৱনী বুটকেম্পৰ সামৰণি
- The NSE Board has taken key decisions related to its future plans.
- NSE MD & CEO Welcomes Union Budget 2026–27 for Balancing Growth, Fiscal Discipline and future-Ready Reforms
- NSE Chairperson Hails SEBI No-Objection for IPO as Key Milestone
- এয়াৰটেলে ৩৬ কোটি ভাৰতীয়ক এডবি এক্সপ্ৰেছ প্ৰিমিয়ামৰ বিনামূলীয়া সুবিধা প্
- দৰং জিলাত জিলা উন্নয়ন সমিতিৰ বৈঠক অনুষ্ঠিত