পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰাণা শৰ্মাই অসমকে ধৰি উত্তৰ পূৱৰ ৰাজ্য কেইখনৰ লগতে বিশ্বৰ নদী সমূহক লৈ প্ৰথম বাৰৰ বাবে ইংৰাজীত ৰচনা কৰিছে “GEOGRAPHY OF RIVERS” নামৰ এখন গ্ৰন্থ। গুৱাহাটীৰ ইষ্টাৰ্ণ বুক হাউছে (ই.বি.এইছ) প্ৰকাশ কৰা গ্ৰন্থখন মহাবিদ্যালয়ৰ সভাগৃহত আজি আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ অধ্যাপক ড০ অৱনী কুমাৰ ভাগৱতীয়ে। এই উপলক্ষে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ড০ মানৱ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য বাখ্যা কৰে অধ্যক্ষ তথা লেখক ড০ ৰাণা শৰ্মাই। আনহাতে ড০ যশোধৰা মেধীয়ে আঁতধৰা সভাখনত মুখ্য অতিথি হিচাপে পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, বিশিষ্ট অতিথি হিচাপে ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষাৰ সঞ্চালক গীতুমণি ফুকন, উপ সঞ্চালক চিন্ময়ী তালুকদাৰে ভাষণত গ্ৰন্থখনৰ জৰিয়তে বিদ্বৎ সমাজ আৰু নদীৰ গৱেষণাৰ লগত জড়িত সকল বিশেষভাবে উপকৃত হ’ব বুলি আশা ব্যক্ত কৰে। অনুষ্ঠানত ই.বি.এইছৰ প্রকাশক জে.পি শৰ্মাকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে।আনহাতে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীৰ উপস্থিতিত অনুষ্ঠিত সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই উপাধ্যক্ষ পাৰুল বৈশ্যই।
Trending
- গুৱাহাটীত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধিৰ উদ্দেশ্যে টপচেম চিমেণ্টৰ বিশ্বকৰ্মা প্ৰতিমা বিসৰ্জন অভিযান
- এন ই ফ’কাচ ডট কমৰ দশম বৰ্ষপুৰ্তিৰ উদযাপন
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন