পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰাণা শৰ্মাই অসমকে ধৰি উত্তৰ পূৱৰ ৰাজ্য কেইখনৰ লগতে বিশ্বৰ নদী সমূহক লৈ প্ৰথম বাৰৰ বাবে ইংৰাজীত ৰচনা কৰিছে “GEOGRAPHY OF RIVERS” নামৰ এখন গ্ৰন্থ। গুৱাহাটীৰ ইষ্টাৰ্ণ বুক হাউছে (ই.বি.এইছ) প্ৰকাশ কৰা গ্ৰন্থখন মহাবিদ্যালয়ৰ সভাগৃহত আজি আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ অধ্যাপক ড০ অৱনী কুমাৰ ভাগৱতীয়ে। এই উপলক্ষে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ড০ মানৱ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য বাখ্যা কৰে অধ্যক্ষ তথা লেখক ড০ ৰাণা শৰ্মাই। আনহাতে ড০ যশোধৰা মেধীয়ে আঁতধৰা সভাখনত মুখ্য অতিথি হিচাপে পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, বিশিষ্ট অতিথি হিচাপে ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষাৰ সঞ্চালক গীতুমণি ফুকন, উপ সঞ্চালক চিন্ময়ী তালুকদাৰে ভাষণত গ্ৰন্থখনৰ জৰিয়তে বিদ্বৎ সমাজ আৰু নদীৰ গৱেষণাৰ লগত জড়িত সকল বিশেষভাবে উপকৃত হ’ব বুলি আশা ব্যক্ত কৰে। অনুষ্ঠানত ই.বি.এইছৰ প্রকাশক জে.পি শৰ্মাকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে।আনহাতে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীৰ উপস্থিতিত অনুষ্ঠিত সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই উপাধ্যক্ষ পাৰুল বৈশ্যই।
Trending
- ১৪ নৱেম্বৰৰ পৰা আৰম্ভ প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’২০২৫
- ১২ নৱেম্বৰত পৰ্যটকৰ বাবে পবিতৰা অভয়াৰণ্যত মুকলি হ’ব হাতী চাফাৰী
- Forest Minister Distributes Cheques to SHG Members
- ভাৰত-ৰাছিয়াৰ বৈজ্ঞানিক সহযোগিতাৰ বৃদ্ধিৰ বাবে ৰাছিয়াত উপস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি দল
- অসম মহিলা অভিযন্তা সংস্থাৰ প্ৰতিষ্ঠা দিৱসত অভিযান্ত্ৰিক ডিগ্ৰী আৰু ডিপ্লমা পাঠ্যক্ৰমৰ মেধাৱী ছাত্ৰীক পুৰস্কাৰ প্ৰদান
- চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ৭মাহত সৰ্বাধিক ৩৩৫.৬৭ কোটিৰো অধিক ৰাজহ সংগ্ৰহ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ
- খানাপাৰাত ত্ৰয়োদশ ভাৰত ঔদ্যোগিক মেলা শুভাৰম্ভণি অনুষ্ঠান
- কামৰূপ(ম) জিলাত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জিতিন প্ৰসাদৰ পৰ্যালোচনা বৈঠক
- মুম্বাই সাহিত্য সভা স্বৰ্ণ শাখাৰ নতুন পদক্ষেপ ‘চিনাকি পৰ্ব’
- নিশাৰ আন্ধাৰত বৃহত্তৰ ৰাণী অঞ্চলৰ খেতিপথাৰত বন্যহস্তীৰ মুক্ত বিচৰণ – চিন্তিত কৃষক টঙিঘৰ সাজি পহৰা দিছে কৃষকে