পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ Research Development & Trainining Cell আৰু IQAC ৰ উদ্যোগত আৰু বিদ্যা ভাৰতী উচ্চ শিক্ষা সংস্থানৰ সহযোগত “CONCEPT TO REALITY: USES OF INDIAN LANGUAGES IN TOTAL EDUCATION SYSTEM IN THE CONTEXT OF VIKSIT BHARAT, 2047” শীৰ্ষক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ কালি মহাবিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয় । অধ্যাপিকা ড° প্ৰিয়াংকা বেনাৰ্জীয়ে আঁত ধৰা অনুষ্ঠানটোৰ আৰম্ভণি ঘটে মহাবিদ্যালয়ৰ ছাত্ৰ – ছাত্ৰীসকলৰ দ্বাৰা ৰাষ্ট্ৰীয় সংগীত, বন্দে মাতৰম আৰু মহাবিদ্যালয় সংগীত পৰিৱেশনেৰে । মহাবিদ্যালয়ৰ ছাত্ৰী প্ৰিয়ংকা শইকীয়াই গুৰু বন্দনা পৰিৱেশন কৰা উদ্বোধনী অনুষ্ঠানটোত বন্তি প্ৰজ্জ্বলনত ভাগ লয় বিদ্যা ভাৰতী উচ্চ শিক্ষা সংস্থানৰ ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক কে. এন. ৰঘুনন্দন, বিদ্যা ভাৰতীৰ ৰাষ্ট্ৰীয় সম্পাদক ড° কিৰণ হাজৰিকা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড°নিৰঞ্জন কলিতা,কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য প্ৰাধ্যাপক ৰমেশ ডেকা, মহাবিদ্যালয়ৰ অধ্যক্ষা ড° মনীষা ভট্টাচাৰ্য্য, বিদ্যা ভাৰতী উচ্চ শিক্ষা সংস্থান, অসমৰ সভাপতি ড° দেৱহৰি তালুকদাৰে । পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যক্ষা ড° মনীষা ভট্টাচাৰ্য্যই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটোত মুখ্য ভাষন প্ৰদান কৰে ড° নিৰঞ্জন কলিতাই । কে. এন. ৰঘুনন্দনজীয়ে বক্তৃতা আৰু ভাৱ-বিনিময় কৰা অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য প্ৰাধ্যাপক ৰমেশ ডেকা। বিশিষ্ট অতিথিসকলক প্ৰমান পত্ৰ বিতৰণ কৰাত আঁত ধৰে বিদ্যা ভাৰতী উচ্চ শিক্ষা সংস্থান, উত্তৰ – পূৱৰ সমন্বয়ক ড° ৰাজেশ বৰ্মনে । উচ্চ শিক্ষাৰ একাডেমিক আৰু এডমিনষ্ট্ৰেটৰ সহযোগী ড° বনবিনা ব্ৰক্ষ্ম, বহুকেইখন মহাবিদ্যালয়ৰ অধ্যক্ষ, অধ্যাপক-অধ্যাপিকা তথা ভালেসংখ্যক বিশিষ্ট ব্যক্তিৰ লগতে পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰী অনুষ্ঠানটোত উপস্থিত থাকে। উদ্বোধনী অনুষ্ঠানটোৰ শেষত শলাগৰ শৰাই আগবঢ়াই বিদ্যা ভাৰতী উচ্চ শিক্ষা সংস্থান, অসমৰ সভাপতি ড° দেৱহৰি তালুকদাৰে। পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যক্ষা ড° মনীষা ভট্টাচাৰ্যৰ উদ্যোগত মহাবিদ্যালয়ত গঢ় লৈ উঠা বয়ন প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰদৰ্শনী এখনো একেলগে অনুষ্ঠিত হয় । ইয়াৰ পিছতে বিদ্যা ভাৰতী উচ্চ শিক্ষা সংস্থান, উত্তৰ – পূৰ্বাঞ্চলৰ সমন্বয়ক ড° ৰাজেশ বৰ্মনে আঁত ধৰা ‘কাৰ্য্যকৰ্তা প্ৰশিক্ষণ বৰ্গ’ অনুষ্ঠিত হয়। বিদ্যা ভাৰতী উচ্চ শিক্ষা সংস্থানৰ ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক আৰু পূৰ্বোত্তৰ ক্ষেত্ৰৰ সাংগঠনিক সম্পাদক ক্ৰমে কে. এন. ৰঘুনন্দন আৰু ড° পৱন তিৱাৰীয়ে ভাষন প্ৰদান কৰা অনুষ্ঠানটোৰ শেষত সমাপন সত্ৰত সামগ্ৰিক শলাগ লয় বিদ্যা ভাৰতী উচ্চ শিক্ষা সংস্থানৰ ৰাষ্ট্ৰীয় সম্পাদক ড° কিৰণ হাজৰিকাই ।
Trending
- National Science Centre, Guwahati Celebrated International Museum Day 2026 with Inauguration of Orchid and Cactus Garden
- NSE Commences Trading in Electronic Gold Receipts (EGRs)
- সাতমাইলত ৰামধেনু সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত বহাগী উৎসৱ উদযাপন
- অসম মহিলা অভিযন্তা সংস্থাৰ উদ্যোগত গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কাৰিকৰী আৰু ব্যৱহাৰিক শিক্ষাৰ প্ৰয়োজনীয়তা শীৰ্ষক সজাগতা সভা
- CM Dr. Sarma inaugurates Digital and AI powered bank branch of Slice Small Finance Bank in Guwahati
- Assam Governor administers oath of office to Chandra Mohan Patowary as Pro-tem speaker
- ৰাষ্ট্ৰীয় ডেংগু দিৱস: ভাৰতৰ নগৰসমূহ ডেংগুৰ হটস্পটত পৰিণত হোৱাৰ আশংকা
- মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ
- কলাক্ষেত্ৰৰ অসম ভিত্তিক নাট প্ৰতিযোগিতা সফল সামৰণি
- জাপানী প্ৰতিনিধি দলৰ ৰাণীৰ কাঠফুলা উৎপাদন আৰু প্ৰশিক্ষণ প্ৰদান কৰা লাভলি হুড আশ্ৰম পৰিদৰ্শন