মহানগৰীৰ জালুকবাৰী কেন্দ্ৰীয় নাগৰিক সমিতি , গুৱাহাটী পৌৰ নিগম আৰু আৰক্ষী প্ৰশাসনৰ যৌথ উদ্যোগত আজি বিয়লি ৩ বজাত পাণ্ডু কলেজ গেট দুৰ্গা মণ্ডপ প্ৰেক্ষাগৃহত ক`ভিড ১৯ ৰ সজাগতা সন্দৰ্ভত এখন সভা অনুষ্ঠিত হয় । জালুকবাৰী কেন্দ্ৰীয় নাগৰিক সমিতিৰ সভাপতি ভূপেন্দ্ৰ নাথ সোনোৱালৰ সভাপতিত্বত অনুষ্ঠিত সজাগতা সভা খনত ক`ভিড প্ৰট`কল মানি চলি নাগৰিক সমিতি আৰু স্থানীয় বজাৰ সমিতিৰ প্ৰায় অৰ্ধ শতাধিক লোক উপস্থিত থাকে । সভাখনৰ আৰম্ভণিতে উদ্দেশ্যে ব্যাখ্যা কৰে জালুকবাৰী কেন্দ্ৰীয় নাগৰিক সমিতিৰ সাধাৰণ সম্পাদক দ্বিজেন লহকৰে । সভাত জিলা প্ৰশাসনৰ তৰফৰ পৰা যুটীয়া আয়ুক্ত পুলক মহন্ত , অতিৰিক্ত উপায়ুক্ত সঞ্জীৱ শইকীয়া , দণ্ডাধীশ প্ৰশান্ত বৰা , মহানগৰ আৰক্ষী প্ৰশাসনৰ পশ্চিম সংমণ্ডলৰ আৰক্ষী উপ-আয়ুক্ত নৱনীত মহন্ত , সহকাৰী উপ-আয়ুক্ত সুভাশীষ বৰুৱা , জালুকবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপক বৰাই মাৰাত্মক ক`ভিডৰ তৃতীয় ঢৌৰ পৰা নিজৰ লগতে সমাজৰ প্রতিটো স্তৰৰ লোক সকলক কেনেকৈ ৰক্ষা কৰিব পাৰি লগতে বিশেষকৈ ১৮ বছৰ বয়সৰ তলৰ ল’ৰা-ছোৱালী আৰু শিশু সকলক নিৰপদে ৰাখিব পাৰি সেই বিষয়ে বক্তব্য প্ৰদান কৰে । সজাগতা সভা খনত নাগৰিক সমিতি আৰু স্থানীয় বজাৰ সমিতিৰ পৰা শংকৰলাল পাৰিক , নিমাই চন্দ্ৰ দাস , পিয়াল শংকৰ দে , কমল দে , ৰিণা কাজী আৰু ঊষা দাসেও ক`ভিড সজাগতা সন্দৰ্ভত পৰামৰ্শ দাঙি ধৰে।
Trending
- দক্ষিণ এছীয় চুটি ছবি মহোৎসৱলৈ ‘লাচিত–দ্য ৱাৰিয়ৰ’
- জনস্বাস্থ্য কাৰিকৰী বিভাগত নিযুক্তি প্ৰাপ্তৰ সৈতে বিভাগীয় মন্ত্রীৰ মত বিনিময়
- গুৱাহাটী আৰু শিলচৰৰ মাজত আজিৰে পৰা ফ্লাইবিগৰ বিমান সেৱা আৰম্ভ
- ডিজাইনাৰ সংযুক্তা দত্তই কান চলচিত্ৰ মহোৎসৱলৈ লৈ গ’ল অসম ৰেচম
- বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে গুৱাহাটীত চাইকেলাথন- শক্তিশালী ধঁপাত বিৰোধী আইনৰ দাবী দুই শতাধিক চাইকেলিষ্টৰ
- হাৰ্দিক শৰ্মালৈ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ শিশু শিল্পী বৃত্তি প্ৰদান
- এন চি চিৰ এডভান্স লীডাৰশ্বিপ কেম্প আৰম্ভ
- বনমন্ত্ৰী পাটোৱাৰীয়ে অসম ৰাজ্যিক চিৰিয়াখানাত আনুষ্ঠানিকভাৱে মুকলি কৰে এটা জিৰাফ আৰু দুটা জেব্ৰা
- বিগত ৯ টা বছৰত অসমত আন্দোলন অবিহনে উন্নয়ন সম্ভৱ হৈছে
- চিলাৰায়ৰ কীৰ্তিক ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ প্ৰয়াস