অসমৰ মিনি ইণ্ডিয়া হিচাপে পৰিগণিত হৈ অহা তথা বিভিন্ন জাতি-জনজাতি, ভাষা-ভাষী লোকৰ মিলনভূমি মালিগাঁৱত বাস কৰা বিভিন্ন ধর্মালম্বী লোকসকলে মিলি ৬৪ টা বছৰে বিহু উদযাপন কৰি আহিছে। পাণ্ডু বিহু সম্মিলনী , মালিগাঁৱে বিভিন্ন ঘাট-প্রতিঘাটৰ মাজেৰে আহি ৬৫ বছৰত ভৰি দিলে। কিছু বছৰৰ পৰা মালিগাঁৱ ৰেলৱে ষ্টেডিয়ামত উদযাপন কৰি অহা বিহুখনৰ বাবে অলপ জটিলতা আহি পৰিছিল। বিহু উদযাপনৰ বাবে কমেও এমাহৰ বাবে বিভিন্ন খেলৰ অনুশীলন বন্ধ হৈ পৰিছিল ৰেলৱে ষ্টেডিয়ামখনত। ইয়াৰ পৰিপ্ৰেক্ষিতত বিষয়টোৰ এটা স্থায়ী সমাধান সূত্ৰ আৰু সন্মিলনীৰ এটা স্থায়ী ঠিকনা বিচাৰি উত্তৰ পূব সীমান্ত ৰেলৱেৰ অগ্ৰণী ট্ৰেড ইউনিয়ন এন এৰ ৰেলৱে এম্পলইজ ইউনিয়নৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মুনীন্দ্র শইকীয়া , যুটীয়া সাধাৰণ সম্পাদক দিগন্ত বৰুৱাই উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰবন্ধককে ধৰি ৰেল প্ৰশাসনৰ সৈতে বিগত দিন সমূহত কেবালানি আলোচনাত মিলিত হৈছিল। অৱশেষত ৰেলৱে প্রশাসনে এটি সাংস্কৃতিক কেন্দ্র নির্মাণ কৰিবলৈ সন্মতি প্রকাশ কৰে আৰু নির্মাণ কাৰ্য সম্পূর্ণ কৰা হৈছে। এই সাংস্কৃতিক কেন্দ্রটো এতিয়া হ’ব পাণ্ডু বিহু সন্মিলনৰ স্থায়ী ঠিকনা। বিহুৰ এমাহ বাদ দি যিকোনো সময়তে বিভিন্ন সংগঠন বা ব্যক্তিয়ে এই কেন্দ্রত সাংস্কৃতিক অনুষ্ঠান পাতিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। পাণ্ডু বিহু সম্মিলনীৰ স্থায়ী ঠিকনাটোৰ বাবে এই সাংস্কৃতিক কেন্দ্রটো স্থাপন কৰিবলৈ এম্পলইজ ইউনিয়নৰ ফালৰ পৰা বিগত দিন সমূহত ৰেল প্ৰশাসনক হেঁচা প্ৰয়োগ কৰা হৈছিল। এইখিনিতে উল্লেখনীয় দিশটো হ’ল ইউনিয়নৰ পৰামৰ্শ মানি এই সাংস্কৃতিক কেন্দ্ৰটো জুবিন গাৰ্গ ৰেলৱে বিহুতলী, মালিগাঁও হিচাপে নামাকৰণ কৰিবলৈ ৰেল প্রশাসনে মান্তি হৈছে। “জুবিন গাৰ্গ ৰেলৱে বিহুতলী, মালিগাঁও” পৰিচালনা কৰিবলৈ উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱ, প্ৰধান মুখ্য কাৰ্মিক বিষয়া কে পি সিং, এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ সাধাৰণ সম্পাদক মুনীন্দ্র শইকীয়াক লৈ এখন সাতজনীয়া স্থায়ী কমিটি গঠন কৰা হৈছে। ইতিমধ্যে ১১ এপ্ৰিলত মহা প্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱ, প্ৰধান মুখ্য কাৰ্মিক বিষয়া কে পি সিং, এম্পলইজ ইউনিয়নৰ সাধাৰণ সম্পাদক মুনীন্দ্র শইকীয়াসহ সমিতিখনৰ সদস্যসকলে ১১ এপ্ৰিলত জুবিন গাৰ্গ ৰেলৱে বিহুতলী, মালিগাওঁ’ৰ স্থানখিনি পৰিদৰ্শন কৰে।
Trending
- Prime Minister of Bhutan visits Assam
- গুৱাহাটী বিশ্ববিদ্যালয়ত পদ্মভূষণ পুষ্পলতা দাস স্মাৰক বক্তৃতানুষ্ঠান
- জন্মদিনত ১০ জন কৃষকক হাতী খেদাৰ বাবে ১০ টা টৰ্ছ আৰু পাটগাওঁ প্ৰাথমিক বিদ্যালয়ত ৩ যোৰ ডেস্ক- বেঞ্চ প্ৰদান প্ৰদান সমাজকৰ্মী বলেশ্বৰ ৰংপীৰ
- Assam CM meets Nirmala Sitharaman, discusses state’s growth roadmap
- এয়াৰটেলৰ পোষ্টপেইডে নেটৱৰ্কৰ সমস্যা সমাধান কৰে
- কৃষি বিজ্ঞান কেন্দ্ৰত কৃষক সজাগতা সভা সম্পন্ন
- Guwahati Hosts Industry 4.0 Dental 3D Printing Workshop
- District Development Committee Meeting Reviews Key Schemes in Kamrup
- উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
- চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত বাৰ্ষিক বঁটা বিতৰণী সভা সম্পন্ন