পানীৰ প্ৰকল্প উদ্বোধন

0 281

ঐতিহাসিক দ’লবাগান উচ্চ মাধ্যমিক বিদ্যালয়ৰ শতবাৰ্ষিকী উপলক্ষে অ’এনজিচি ৰ খোৱা পানী প্ৰকল্প উদ্ধোধন চৰাইদেউ জিলাৰ ঐতিহাসিক দ’লবাগান উচ্চ মাধ্যমিক বিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপনৰ লগত সংগতি ৰাখি অ’এনজিচি অসম সম্পদৰ কাৰ্যবাহী সঞ্চালক এছ ডি মাছকে দেবে যোৱা ২৭ অক্টোবৰত বিদ্যালয়খনত এটা খোৱা পানী প্ৰকল্পৰ শুভ উদ্ধোধন কৰে। অ’এনজিচি চি এছ আৰ ৰ উদ্যোগত আৰু নিগমৰ সদৌ ভাৰত অ’বিচি/এমঅ’বিচি কৰ্মচাৰী কল্যাণ সন্থাৰ সহযোগত নিৰ্মিত প্ৰকল্পটিয়ে ১৯১৯ চনতেই স্থাপিত শতবর্ষ গৰকা বিদ্যালয়খনৰ ৭০০ গৰাকীতকৈ অধিক ছাত্ৰ-ছাত্ৰী ৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীক উপকৃত কৰিব।উল্লেখযোগ্যযে অ’এনজিচিয়ে যোৱা বছৰটোত ১.০৭ কোটি টকাৰে ১০০০০ ছাত্ৰ ছাত্ৰীক সামৰি ৩২ খন বিদ্যালয়ত বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰাৰ লগতে এই বিত্তীয় বৰ্ষত আৰু ১.৬৮ কোটি টকা ব্যয়েৰে ১৫০০০ ছাত্ৰ ছাত্ৰীক উপকৃত কৰাৰ মানসেৰে আৰু ৫২ খন বিদ্যালয়ত বিশুদ্ধ খোৱা পানী যোগান আঁচনি ৰূপায়নৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰকল্পটি উদ্বোধন কৰি অ’এনজিচি অসম সম্পদৰ কাৰ্য্যবাহী সঞ্চালক তথা সম্পদ প্ৰবন্ধক এছ ডি মাস্কে দেৱে ছাত্ৰ-ছাত্ৰী, শিক্ষক, অভিভাৱক আৰু সমবেত স্থানীয় লোকসকলক উদ্দেশ্যি কয় যে জন্মলগ্নৰে পৰাই এক দায়িত্বশীল কৰ্পৰেট নাগৰিক হিচাপে অ’এনজিচি য়ে চি এছ আৰ (নৈগমিক সামাজিক দায়বদ্ধতা) শিতানত বিভিন্ন উন্নয়নমূলক প্ৰকল্প ৰূপায়ন কৰি জনগণক সৱলীকৰণ কৰাৰ লগতে সমাজখনৰ সৰ্বাংগীন উন্নয়ন সুনিশ্চিত কৰি স্থানীয় জনজীৱনত এক ইতিবাচক প্ৰভাৱৰ সূচনাৰে সমাজখনৰ কল্যাণৰ হকে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। তেখেতে লগতে কয় যে আজিৰ ছাত্ৰ ছাত্ৰী সকলেই কাইলৈৰ দেশৰ ভবিষ্যত আৰু অ’এনজিচি য়ে ছাত্ৰ ছাত্ৰী সকলৰ  বিকাশৰ বাবে এখন উপযুক্ত মঞ্চ দিবলৈ সদায় চেষ্টা কৰি আহিছে। তেখেতে প্ৰতিজন ছাত্ৰ ছাত্ৰীক একোজন স্বচ্ছতাৰ দূত হ’বলৈও উৎসাহ যোগায়। ছাত্ৰ ছাত্ৰী সকলৰ লগত মত বিনিময় কৰি কাৰ্য্যবাহী সঞ্চালক আৰু সম্পদ প্ৰবন্ধক এছ ডি মাস্কেদেৱে বিদ্যালয়খনলৈ খেলা-ধুলাৰ সামগ্ৰী আৰু সংগীত যন্ত্ৰৰ বাবে ৫০০০০ টকাৰ আৰ্থিক সাহাৰ্য্য আগবঢ়ায়। তেখেতে লগতে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিজ্ঞানৰ পৰীক্ষাগাৰৰ সামগ্ৰী আৰু ডেস্ক- বেঞ্চ ৰ বাবেও সাহাৰ্য্য আগবঢ়াব বুলি ঘোষণা কৰি বিদ্যালয় কৰ্তৃপক্ষক জিলা প্ৰশাসনৰ যোগেদি নিগমক আবেদন জনাবলৈ আহ্বান জনায়। অ’এনজিচি ৰ মানৱ সম্পদ বিভাগৰ মহা প্ৰবন্ধক সঞ্জয় গোৱেল আৰু অ’এনজিচিৰ সৰ্বভাৰতীয় অ’বিচি/এম অ’বিচি কৰ্মচাৰী কল্যাণ সন্থাৰ সভাপতি জয়ন্ত পাটৰে উদ্ধোধনী অনুষ্ঠানত ভাগ লৈ সকলোকে ৰাজ্যখনৰ প্ৰগতিৰ লগতে দেশৰ শক্তিখণ্ডক সুৰক্ষিত কৰিবলৈ অ’এনজিচি ৰ কাম কাজ সমূহত সহায় সহযোগ কৰিবলৈ আহ্বান জনায়।বিদ্যালয় সমূহত বিশুদ্ধ খোৱা পানী যোগানৰ বাবে লোৱা অ’এনজিচি ৰ পদক্ষেপক ভূয়সী প্ৰশংসা কৰি ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু স্থানীয় লোকসকলে কয় যে অ’এনজিচিৰ এই পদক্ষেপে ছাত্ৰ-ছাত্ৰীসকলৰ সুস্বাস্থ্য সুনিশ্চিত কৰি তেওঁ লোকৰ শৈক্ষিক উত্তৰণত সহায় কৰিব। বিদ্যালয়খনৰ অধ্যক্ষ প্ৰদীপ বুঢ়াগোহাঁইদেৱে খোৱা পানী প্ৰকল্পটিক বিদ্যালয়খনলৈ শতবর্ষ উপলক্ষে অ’এনজিচি ৰ তৰফৰ পৰা আগবঢ়োৱা এক অমূল্য উপহাৰ বুলি অভিহিত কৰে। উদ্ধোধনী অনুষ্ঠানত অ’এনজিচিৰ বিষয়া অমনদীপ সিং, বীৰেন শইকীয়া, সাত্যকি পাল, মহেশ গগৈ আৰু অ’এনজিচিৰ অ’বিচি/এম অ’বিচি কৰ্মচাৰী কল্যান সন্থাৰ সম্পাদক হেমন্ত কুমাৰ গগৈ উপস্থিত থাকে।খবৰ যুগুতালে  শিৱসাগৰৰ পৰা দিলিস্তান খানে|

Leave A Reply

Your email address will not be published.