পাব্লিক ৰিলেশ্ব্যন ছোছাইটী অব ইণ্ডিয়া গুৱাহাটী শাখাৰ উদ্যোগত ” দুৰ্যোগৰ সময়ত পি আৰৰ কাৰ্যকলাপ” শীৰ্ষক আজি ৫ম উত্তৰ পূৰ্বাঞ্চল পি আৰ কনক্লেভ অনুষ্ঠিত কৰা হয়। সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাই মুখ্য অতিথিৰূপে, নেজফিৰ মুখ্য পৰিচালন সঞ্চালক পি ভি এছ এল এম মুৰ্তী আৰু উত্তৰ পূব সীমান্ত ৰেলৱেৰ প্ৰিঞ্চিপাল চিফ অপাৰেশ্যনেল মেনেজাৰ উৎপলপৰ্ণা হাজৰিকাই সন্মানীয় অতিথি ৰূপে অংশ গ্ৰহণ কৰে। অনুষ্ঠানত বিশিষ্ট অতিথি সকলে পাব্লিক ৰিলেশ্ব্যন ছ`ছাইটী অব ইণ্ডিয়া গুৱাহাটী শাখাৰ জাৰ্ণেল “ছেভেন চিষ্টাৰ” ৰ উন্মোচন কৰে। অনুষ্ঠানৰ আৰম্ভণিতে যোৱা বছৰ COVID-19 মহামাৰীত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লোৱা পি আৰ এছ আইৰ গুৱাহাটী ছেপ্তাৰৰ সদস্য স্বৰ্গীয় আয়ুস্মান দত্ত, যুৱ সাংবাদিক তথা গুৱাহাটী আন্তৰ্জাতিক সংগীত উৎসৱ ( জি আই এম এফ) ৰ প্ৰতিষ্ঠাপক আৰু সাহিত্য অকাডেমি বঁটা বিজয়ী স্বৰ্গীয় সনন্ত তাঁতী আৰু ইংৰাজী মাধ্যমৰ বিদ্যালয় সৃজনৰ মালিক স্বৰ্গীয় আৰ্ফিন জুনেইড ৰহমানৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়। এই উপলক্ষে এই বৰ্ষৰ বিষয়ৰ ওপৰত ভাষণ প্ৰদান কৰি জিষ্ণু বৰুৱা (আই এ এছ) এ কয় যে, পি আৰ বৃত্তিধাৰীসকলে সত্য তথ্য প্ৰকাশিত কৰাৰ ক্ষেত্ৰত বিশ্বাসযোগ্য হোৱা উচিত। আমি অতিবাহিত কৰি থকা সংকটৰ সময়ত ই এক গুৰুত্বপূৰ্ণ বিষয়। আনহাতে, বিভিন্ন সংগঠনৰ পি আৰ সকলক সম্বোধন কৰি উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ চীফ অপাৰেশ্যনেল মেনেজাৰ উৎপলপৰ্ণা হাজৰিকাই নিজৰ কৰ্তব্য পালনৰ ক্ষেত্ৰত প্ৰতিগৰাকী পি আৰৰ বিশ্বাসযোগ্যতা আৰু সত্য নিষ্ঠাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। পি আৰ কৰ্মকৰ্তাসকলক সম্বোধন কৰি নেডফিৰ মুখ্য পৰিচালন সঞ্চালক পি ভি এছ এল এম মুৰ্তীয়ে উল্লেখ কৰে যে, কোনো এটা সংগঠনৰ পি আৰ বিভাগটো সংগঠনটোৰ তৃতীয় নেত্ৰ। তেওলোকে মহাভাৰতত ধৃতৰাষ্ট্ৰৰ বাবে সঞ্চয়ে গ্ৰহণ কৰা ভূমিকাৰ দৰে সংগঠনৰ ভূমিকা পালন কৰে।
Trending
- Investors accounts cross the milestone of 24 crore (240 million) on NSE
- ১৪ নৱেম্বৰৰ পৰা আৰম্ভ প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’২০২৫
- ১২ নৱেম্বৰত পৰ্যটকৰ বাবে পবিতৰা অভয়াৰণ্যত মুকলি হ’ব হাতী চাফাৰী
- Forest Minister Distributes Cheques to SHG Members
- ভাৰত-ৰাছিয়াৰ বৈজ্ঞানিক সহযোগিতাৰ বৃদ্ধিৰ বাবে ৰাছিয়াত উপস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি দল
- অসম মহিলা অভিযন্তা সংস্থাৰ প্ৰতিষ্ঠা দিৱসত অভিযান্ত্ৰিক ডিগ্ৰী আৰু ডিপ্লমা পাঠ্যক্ৰমৰ মেধাৱী ছাত্ৰীক পুৰস্কাৰ প্ৰদান
- চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ৭মাহত সৰ্বাধিক ৩৩৫.৬৭ কোটিৰো অধিক ৰাজহ সংগ্ৰহ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ
- খানাপাৰাত ত্ৰয়োদশ ভাৰত ঔদ্যোগিক মেলা শুভাৰম্ভণি অনুষ্ঠান
- কামৰূপ(ম) জিলাত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জিতিন প্ৰসাদৰ পৰ্যালোচনা বৈঠক
- মুম্বাই সাহিত্য সভা স্বৰ্ণ শাখাৰ নতুন পদক্ষেপ ‘চিনাকি পৰ্ব’