প্ৰথমবাৰৰ বাবে কৃষি প্ৰধান ৰাণী চাপৰি সংযোগ হ’ব ভাসমান দলঙৰে আৰু আলোকিত হ’ব বিদ্যুতৰ পোহৰৰে-দুয়োখন আঁচনিৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ
ব্ৰহ্মপুত্ৰৰ মাজত থকা গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা ৰাজহ চক্ৰ এলেকাৰ কৃষি প্ৰধান অঞ্চল হিচাপে পৰিচিত আৰু সমষ্টি পুনৰ গঠনৰ পাছত জালুকবাৰী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱা ৰাণী চাপৰিলৈ কৃষক ৰাইজৰ যাতায়াতৰ সুব্যবস্থা, বিদ্যুৎ সংযোগ স্থাপনৰে আলোকিত কৰাৰ বাবে বিগত ভোগালী বিহুৰ সময়ত কৰা ঘোষণা অনুসৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তৎপৰ ব্যবস্থা গ্ৰহণ কৰিছে। সেই অনুসৰি খৰালি কালত ৰাণী চাপৰিলৈ কৃষক ৰাইজৰ যাতায়াতৰ সুবিধাৰ বাবে ব্ৰহ্মপুত্ৰৰ ওপৰত ডেৰ কোটি টকা ব্যয়ৰে ২৫০ মিটাৰ দৈৰ্ঘ্যৰ এখন ভাসমান দলং আৰু প্ৰায় চাৰে ছয় কোটি টকা ব্যয়ৰে ৰাণী চাপৰিত বিদ্যুৎ সংযোগ দিয়াৰ বাবে আঁচনি গ্ৰহণ কৰা হৈছে। আজি বিয়লি কেবা হাজাৰ লোকৰ উপস্থিতিত মাংগলিক কাৰ্যৰ মাজেৰে ব্ৰহ্মপুত্ৰৰ পাৰৰ ধাৰাপুৰৰ ধোপৰতল ঘাটত দুয়োখন আঁচনিৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ।উল্লেখ্য যে এইবেলি ভোগালী বিহুৰ দিনা প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাণী চাপৰিত উপস্থিত হৈ প্রায় দুই ঘণ্টা ধৰি কৃষিক্ষেত্ৰ পৰিদৰ্শন কৰাৰ লগতে কৃষিকৰ্ম কৰি জীৱিকা নিৰ্বাহ কৰি অহা চাৰি শতাধিক কৃষকৰ সমস্যাৰ বুজ লোৱাৰ লগতে মত-বিনিময় কৰিছিল। আনহাতে আজি দুয়োখন আঁচনিৰ আধাৰশিলা স্থাপন কৰি এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত ভাগ লৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় – ৰাণী চাপৰিৰ কৃষকৰ সুবিধাৰ হকে বিশেষকৈ খৰালিৰ সময়ত কৃষিজাত সামগ্ৰী কঢ়িয়াই অনা নিয়াৰ বাবে দুই-তিনি টন ওজন ক্ষমতা সম্পন্ন এখন ভাসমান দলং আগন্তুক ডেৰ মাহৰ ভিতৰত নিৰ্মাণ কৰা হ’ব । আনহাতে যদিহে কৃষকে বিচাৰে, তেন্তে কিছু নিলগত আন এখন ভাসমান দলং নিৰ্মাণৰ ব্যবস্থা কৰা হ’ব । যাতে দুই মূৰৰ পৰা কৃষক ৰাইজ অহা যোৱা কৰিব পাৰে । বাৰিষাৰ সময়ত পানীৰ সোঁত প্ৰতি ছেকেণ্ডত তিনি মিটাৰ থাকিলে দলংখন খুলি থোৱা হ’ব । বছৰৰ আঠ মাহ দলংখন কাৰ্যক্ষম হৈ থাকিব । দলংখনেৰে দুচকীয়া আৰু তিনিচকীয়া বাহনহে চলাচল কৰিব পাৰিব । সুৰক্ষাজনিত কাৰণত দলংখনৰ দুই দাঁতিত ৰেলিং থাকিব । দলংখনৰ দুই মুৰত উঠা নমাৰ সুবিধাৰ বাবে দুটা জেটি থাকিব । তদুপৰি ৰাণী চাপৰিলৈ বিদ্যুৎ সংযোগ ব্যবস্থাৰ বাবে আঠ কিলোমিটাৰ উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ সংযোজিত কৰা হ’ব । ইয়াৰ পিছত ২৫ কিলোমিটাৰ নিম্ন ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰেৰে ৰাণী চাপৰিত বিদ্যুৎ সংযোগৰ ব্যৱস্থা কৰা হ’ব । ইয়াত পাঁচটা ৬৩ কে ভি আৰু পাঁচটা ২৫ কে ভি ক্ষমতাযুক্ত ট্ৰেন্সফাৰ্মাৰ বহুওৱা হ’ব । আগন্তুক দুই মাহৰ ভিতৰত এই আঁচনিখনে চৰমাজুলী আৰু চৰনেহালি দুয়োখনকে সামৰি ল’ব আনহাতে ৰাণী চাপৰিত সুদীৰ্ঘ কালৰ পৰা খেতিবাতি কৰি অহা চাৰি শতাধিক কৃষকক আগন্তুক দুৰ্গা পূজাৰ আগতে মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলিও মূখ্যমন্ত্ৰীয়ে সদৰি কৰে।অনুষ্ঠানত ৰাজ্য চৰকাৰৰ শক্তি, দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকন, এ পি ডি চি এল ৰ পৰিচালন সঞ্চালক ৰাকেশ কুমাৰ, লোকনিৰ্মাণ পথ বিভাগৰ আয়ুক্ত – সচিব চন্দন শৰ্মা, কামৰূপ মহানগৰ জিলাৰ জিলা আয়ুক্ত সুমিত সত্তাৱন আৰু বিজেপিৰ গুৱাহাটী মহানগৰ জিলাৰ সভাপতি তপন চন্দ্ৰ দাস , বিমানকোঠ মণ্ডলৰ সভাপতি তীৰ্থ মেধিকে ধৰি দলটোৰ কেবাজনো নেতা , ধাৰাপুৰ গাঁওৰ গাঁওবুঢ়া ধৰ্মকান্ত কলিতা, ৰাণী চাপৰিৰ গাঁওবুঢ়া মনু দাস, গড়ল গাঁওৰ গাঁওবুঢ়া ভূপেন বৰুৱা, ৰাণী চাপৰি কৃষক সেৱা সমিতিৰ সভাপতি লোহিত কলিতা, সম্পাদক অক্ষয় কলিতা প্ৰমুখ্যে কৰ্মকৰ্তা সকল উপস্থিত থাকে ।