প্ৰথম ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল

0 220

WhatsApp Image 2017-10-28 at 7.26.40 PM

চিনেমা উদ্যোগৰ উন্নয়ন আৰু প্ৰসাৰৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীত আজিৰে পৰা আৰম্ভ হৈছে ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল। ২ নৱেম্বৰলৈকে চলিব লগা ফেষ্টিভেলটোত ৩৫ খন দেশৰ ৭৮ খন বিভিন্ন ভাষাৰ বঁটা প্ৰাপ্ত চিনেমা প্ৰদৰ্শিত হ’ব। চিনেমা মহোৎসৱৰ দ্বাৰ মুকলি কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্তব্য কৰে যে অসমীয়া চিনেমাৰ এক গৌৰৱময় ইতিহাস আছে। সেই ইতিহাসক পুনৰ উদ্ধাৰ কৰি ন ৰূপত কৈ যোৱাৰেই এই চিনেমা মহোৎসৱৰ এক প্ৰয়াস।

WhatsApp Image 2017-10-28 at 7.35.46 PM

ইয়াৰ জৰিয়তে ৰাষ্ট্ৰীয়, আন্তৰাষ্ট্ৰীয় প্ৰযোজক সকলে অসমলৈ আহি অসমৰ পটভূমিক লৈ চিনেমা বনোৱা বাবে আদৰণি জনাইছো। অতি শীঘ্ৰে নাটকৰ এখন বিদ্যালয় স্থাপন কৰা হ’ব। বিশেষকৈ পৰ্যটনৰ ক্ষেত্ৰখন প্ৰসাৰৰ বাবে এনে পদক্ষেপ গ্ৰহণ কৰা হৈছে। উল্লেখযোগ্য যে কেৱল দেশৰেই নহয়, বিদেশী বিভিন্ন প্ৰযোজক, কলা কুশলীয়ে এই মহোৎসৱত অংশগ্ৰহণ কৰিছে। ইয়াৰ জৰিয়তে বিভিন্ন দেশৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন হোৱাৰ তথা চিনেমা উদ্যোগলৈ ভাল খবৰ কঢ়িয়াই আনিব বুলি আশা কৰিব পাৰি। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি অসমৰ জনপ্ৰিয় বহুকেইগৰাকী শিল্পীয়ে একেলগে গীত পৰিবেশন কৰে। লগতে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত উপস্থিত থকা সমূহ বিশিষ্ট ব্যক্তিক ৰিবিগাছাং দি আদৰণি জনোৱা হয়।

Leave A Reply

Your email address will not be published.