প্ৰথম বাৰৰবাবে ঐতিহাসিক কুঁজি সত্রত মুখ্যমন্ত্রী ড° শৰ্মা

0 150

অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আজি প্ৰথম বাৰৰ বাবে পদাৰ্পন কৰে নগাঁৱৰ নৰোৱা কুঁজি সত্রত। আজি বিয়লি প্ৰায় ৪.০০ বজাত মুখ্যমন্ত্রী ড° শৰ্মা সত্রখনত উপস্থিত হৈ সত্রৰ চৌহদত নৱনিৰ্মিত সংগ্ৰহালয় আৰু এটি অতিথিশালা আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে। ঐতিহাসিক নৰোৱা কুঁজি সত্রত উপস্থিত হোৱাৰ লগে লগেই সত্রৰ পৰম্পৰাগত সত্রীয়া নিয়মেৰে উষ্ম আদৰণি জনাই সত্রাধিকাৰ নিত্যানন্দ দেৱ গোস্বামীয়ে। মূখ্যমন্ত্রী ড° শৰ্মাই ঐতিহাসিক সত্রখনত পৰবৰ্তী সময়ত পৰ্যায়ক্ৰমে সকলোধৰণৰ উন্নয়নৰ আশ্বাস দিয়ে। মুখ্যমন্ত্রী ড° শৰ্মাক সংগ দিয়ে স্বাস্থ্য মন্ত্রী কেশৱ মহন্ত, মন্ত্রী পিয়ুষ হাজৰিকা, মন্ত্রী জয়ন্ত মল্ল বৰুৱা, বিধায়ক ৰমাকান্ত দেউৰী আৰু স্থানীয় বিধায়ীকা শিৱামনি বৰাই।

বাতৰি যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে।

Leave A Reply

Your email address will not be published.