প্ৰদীপ বৈশ্যৰ কৃতিত্ব

0 292

IMG-20161022-WA0007
পৃথিৱীৰ সৃষ্টিৰ আদিৰ পৰাই গ্ৰহ নক্ষত্ৰৰ গতি বিধি ওপৰত ভিত্তি কৰি জ্যোতিষ চৰ্চা আৰম্ভ হৈছিল। ধৰ্মীয় বিশ্বাস  আৰু পৰম্পৰাৰ  লগত  জ্যোতিষ শাস্ত্ৰ সম্পৰ্কিত । জ্যোতিষ শাস্ত্ৰ বিষয়ত বিশেষভাবে পাৰদৰ্শিতা দেখুওৱাৰ বাবে নলবাৰীৰ বেলশৰৰ প্ৰদীপ বৈশ্যই Asian Astrology & Vastu Conference 2016 ত Best Astrologer of India শীৰ্ষক বটাঁ লাভ কৰিবলৈ সক্ষম হৈছে । NE Focus ৰ ফালৰ পৰা হোৱা এক কথোপকথনত বৈশ্যই এনেদৰে জানিবলৈ দিয়ে, জ্যোতিষ বিদ্যা অধ্যয়ন কৰাৰ আগতে নিজাকৈ বহু কিতাপ আনি অধ্যয়ন কৰিছিলো। ইয়াৰ পিছতেই বিশ্ব জ্যোতিষ বিদ্যাপীঠ অসম শাখাৰ পৰা গুৱাহাটীৰ অধীনত এম. ফিল কৰো। বৰ্ত্তমানেও পাশ্চাত্য জ্যোতিষ Advance Stealler পাঠ্যক্ৰম অধ্যয়ন কৰি আছো। ২০১৩ চনৰ পৰা এই বিষয়ত ওতঃপ্ৰোত ভাবে জড়িত হৈ পৰো। স্মতৰ্ব্য যে প্ৰদীপ বৈশ্য বৰ্ত্তমান ৰেলৱে বিভাগৰ কৰ্মচাৰী আৰু তেওঁ বেলতলাৰ বাসিন্দা।  জ্যোতিষ চৰ্চাৰ বাবে লাভ কৰা কৃতিত্বৰ বাবে আমি জনাইছো আন্তৰিক অভিনন্দন।
 
IMG-20161022-WA0011
 
 

Leave A Reply

Your email address will not be published.