চুবুৰীয়া ৰাজ্য মেঘালযৰ ৰি-ভয় জিলাৰ সদৰ নংপো চহৰৰ পৰা মাত্ৰ ছয় কিলোমিটাৰ নিলগত প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ মনোমোহা স্থানত আছে দহখনকৈ অসমীয়াভাষী গাঁও। প্ৰচাৰকে ধৰি ৰাজনৈতিক – অৰাজনৈতিক আদি দিশৰ বাবে উপেক্ষিত হৈ থকা তথা গুৱাহাটীৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ নিলগত থকা গাঁও কেইখনৰ বাসিন্দা সকল মূলতঃ কাৰ্বি আৰু তিৱা সম্প্ৰদায়ৰ যদিও তাত তেওঁলোেক জাতিগত পৰিচয় মৰঙালী হিচাপে পৰিচিত হৈ আহিছে। বৃহত্তৰ মাৰঙা অঞ্চলৰ দহখনকৈ গাঁও হল ক্রমে – বৰগাং, নালাপাৰা, নঙা গাঁও, পুৰাণ গাঁও, লালুমপাম, জয় গাঁও, বৰকুছি, বৰখাত চাই, চাৰিকুছি আৰু আঠগাঁও। এই সন্দৰ্ভত অঞ্চলটোৰ বাসিন্দা সকলৰ উন্নয়নৰ হকে কাম কৰি অহা মাৰঙাৰ বাসিন্দা, অৱসৰপ্ৰাপ্ত বৈদ্যুতিক অভিযন্তা মনীন ৰাজাই জানিবলৈ দিয়া মতে অসমৰ পৰা দূৰত থাকিলেও তেওঁলোকে নীৰৱে অসমীয়া সাহিত্য – সংস্কৃতিৰ চৰ্চা কৰি আহিছে। আনকি অসমৰ বহু ঠাইৰ দৰে মাৰঙাতো তাৰ বাসিন্দা সকলে পৰম্পৰাগতভাবে বিলত সমূহীয়া মাছ ধৰা উৎসৱ পালন কৰি আহিছে (কমিউনিটি ফিছ হাৰভেষ্টিং) । এই উৎসৱক তাৰ স্থানীয় ভাষাত “হুলাও মাৰা ফেষ্টিভেল” বুলি কোৱা হয়। যিটো অঞ্চলটোৰ মাজভাগত থকা “কুছো খোৱা বান” নামৰ বিলখনত সম্পন্ন কৰি অহা হৈছে । প্ৰতি বছৰে অসমীয়া নৱবৰ্ষ বা বহাগ বিহুৰ প্ৰাক ক্ষণত তাৰ বাসিন্দাসকলে জাকৈ, খালৈ, প’ল, চেপা, খ’খা, জাল আদি হাতে হাতে লৈ মাছ ধৰিবলৈ নমা অগণন লোকৰ উপস্থিতিৰে মুখৰিত হৈ পৰে মাৰঙাৰ ঐতিহ্যমণ্ডিত কুছো খোৱা বান বিল । এইবেলিও অঞ্চলটোৰ গঞা ৰাইজে ব্যাপক উৎসাহ উদ্দীপনাৰ মাজেৰে পালন কৰিছে সমূহীয়া মাছ ধৰা উৎসৱ।পুৱাৰে পৰা বিললৈ মাছ ধৰিবলৈ আৰু মাছ ধৰাৰ মনোৰম দৃশ্য উপভোগ কৰিবলৈ অহা অগণন গঞা ৰাইজৰ উপস্থিতিৰে ঐতিহ্যমণ্ডিত কুছো খোৱা বানৰ পাৰত এক উদুলি মুদুলি পৰিবেশ সৃষ্টি হয়। সমবেত হোৱা ৰাইজে বিলখনক এক সমন্বয়ৰ থলীলৈ ৰূপান্তৰ কৰে। প্রকাশ থাকে যে স্বতঃস্ফূর্ত আৰু ৰং ধেমালিৰ মাজেৰে ঐক্য সংহতিৰ উৎকৃষ্ট চানেকি দাঙি ধৰি গাঁৱৰ পুৰুষ মহিলা, ডেকা-গাভৰুৰ লগতে কন কন ল’ৰা-ছোৱালীয়েও মাছ ধৰাৰ বাবে বিলৰ পানীত নমা পৰিলক্ষিত হয়। যদিও পূৰ্বৰ তুলনাত মাছৰ সংখ্যা হ্রাস পোৱা বাবে পানীত নমা একাংশ লোকে মাছ ধৰিব নোৱাৰিলে । অৱশ্যে ইয়াৰ মাজতে বহু কেইজন লোকে বিলৰ পাৰতেই পৰম্পৰাগত নৃত্য গীতত মচণ্ডল হৈ বিহুৰ আনন্দত মতলীয়া হৈ এক নান্দনিক পৰিবেশৰ সৃষ্টি কৰে।
Trending
- জন্মদিনত ১০ জন কৃষকক হাতী খেদাৰ বাবে ১০ টা টৰ্ছ আৰু পাটগাওঁ প্ৰাথমিক বিদ্যালয়ত ৩ যোৰ ডেস্ক- বেঞ্চ প্ৰদান প্ৰদান সমাজকৰ্মী বলেশ্বৰ ৰংপীৰ
- Assam CM meets Nirmala Sitharaman, discusses state’s growth roadmap
- এয়াৰটেলৰ পোষ্টপেইডে নেটৱৰ্কৰ সমস্যা সমাধান কৰে
- কৃষি বিজ্ঞান কেন্দ্ৰত কৃষক সজাগতা সভা সম্পন্ন
- Guwahati Hosts Industry 4.0 Dental 3D Printing Workshop
- District Development Committee Meeting Reviews Key Schemes in Kamrup
- উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
- চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত বাৰ্ষিক বঁটা বিতৰণী সভা সম্পন্ন
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ প্লেটিনাম ছাষ্টেইনেবল কেম্পাছৰ স্বীকৃতি লাভ
- Northeast united FC aim to finish season with hat trick of wins