পৰিবহন বিভাগৰ উদ্যোগত বিতৰণ হ’ল গছপুলি

0 224

বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি অসম চৰকাৰৰ পৰিবহন বিভাগৰ উদ্যোগত আজি বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:ৰ্জাতিক বিমান বন্দৰৰ চৌহদৰ বাকৰিত শতাধিক চালক আৰু কুৰি গৰাকীৰো অধিক সাংবাদিকৰ মাজত নিজ নিজ গৃহ চৌহদত ৰোপনৰ বাবে বিভিন্ন প্ৰজাতিৰ গছপুলি, ছেনিটাইজাৰ, মাস্ক আৰু পৰিবেশ সংৰক্ষণ বিষয়ক গোহাৰি পত্ৰ বিতৰণ কৰা হয়।
 
 
গছপুলি বিতৰণ কাৰ্যসূচীৰ আঁত ধৰি কামৰূপ জিলা পৰিবহন বিষয়া গৌতম দাসে চমু ভাষণত ‘চিকুনী অসম, সেউজী অসম’ ৰ তাৎপৰ্য দাঙি ধৰি ব্যাপক সময়ত গছপুলি ৰোপন কৰিব লাগিব বুলি ব্যক্ত কৰে। অনুষ্ঠানটোত আজাৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মৃণাল বৰা, ক্ষেত্ৰ বিষয়া অজয় মজুমদাৰ, যান-বাহন পৰিদৰ্শক ৰফিকুল ইছলাম, প্ৰবৰ্তক পৰিদৰ্শক লক্ষীনন্দন বৰগোঁহাইকে ধৰি পৰিবহন বিভাগৰ কেবাগৰাকী বিষয়া, এয়াৰপোৰ্ট টেক্সি এচ’ছিয়েশ্যন, ট্ৰেভেলাৰ্ছ এচ’ছিয়েশ্যন, অসমৰ কেইবাগৰাকীও কৰ্ম কৰ্তা উপস্থিত থাকে।
 
 
উল্লেখযোগ্য যোৱা ২৫ মে’ত দেশজুৰি ঘৰুৱা যাত্ৰীবাহী বিমান সেৱা আৰম্ভ হোৱা সময়ৰে পৰা বৰঝাৰ বিমান বন্দৰত পৰিবহন বিভাগে কেইবাটাও কাউণ্টাৰ স্থাপন কৰি বহি: ৰাজ্যৰ পৰা অহা যাত্ৰীসকলক কোৱাৰেণ্টাইন শিবিৰ আৰু গন্তব্য স্থানলৈ যোৱাৰ ক্ষেত্ৰত দিনে নিশাই সেৱা আগবঢ়ায় আহিছে।

Leave A Reply

Your email address will not be published.