পৰিবেশ,প্ৰকৃতি সম্পৰ্কীয় গৱেষণাৰ বাবে আন্ত:ৰাষ্ট্ৰীয় সন্মান আজুৰিলে এজন অসম সন্তানে

0 232

নৰ্থ এমেৰিকান এচ’চিয়েচন ফৰ এনভাইৰ’মেণ্ট এডুকেচনৰ নামৰ আমেৰিকান সংস্থাটোৱে পৰিৱেশ সম্পৰ্কীয় কাম কৰি অহা ৩০ গৰাকী ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰিছে।
 
ইয়াৰ ভিতৰত নিৰ্বাচিত হৈছে এজন অসমীয়া যুৱক। তেখেতৰ নাম মৃদুল বৰা।জানিব পৰা মতে এই সংস্থাটোৱে প্ৰতি বছৰে পৰিৱেশ সম্পৰ্কীয় কাম কৰা ৩০ বছৰ তলৰ ব্যক্তিক সন্মানিত কৰি আহিছে। চলিত বৰ্ষৰ প্ৰথম অসমীয়া হিচাপে মৃদুল বৰাই এই বঁটা লাভ কৰিছে।
 
জানিব পৰা মতে মৃদুল বৰাই মানুহৰ আৰু বাঘৰ সংঘাত নিৰাময়ৰ বাবে এক বিশেষ গৱেষণাত জড়িত হৈ আছে।ইয়াৰ উপৰিও মৃদুল বৰাই কাছৰ কৃত্ৰিম প্ৰজনন,আৰ্চেনিক পানী ব্যৱহাৰ ইত্যাদি বিভিন্ন গৱেষণা লগতো জড়িত হৈ আছে।

Leave A Reply

Your email address will not be published.