পৰিবেশ সংৰক্ষণৰ আদিপাঠ শিকোৱা এখন আদৰ্শ বিদ্যালয়

0 255

গছ গছনি থাকিলেহে জীৱকুল থাকিব। পৰিবেশৰ ভাৰসাম্যতা বৰ্তি থাকিব। এই কথাবোৰ আমি সকলোৱে জানো, আৰু এই কথাও জানো যে, আজিৰ পৰা কিছু বছৰৰ পিছত আমাৰ সেউজী ধৰণীৰ সেউজীয়া পাৰিপাশ্বিকতাৰ অভাৱত আমাৰ জীৱকুলৰ প্ৰতি ভাবুকি আহিব! বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে গছ ৰোপনৰ কাৰ্যসূচী গ্ৰহণ কৰে যদিও সদায় সেই প্ৰচেষ্টাৰ অংশীদাৰ হোৱা দেখা নাযায়। জানি সুখী হ’ব যে আমাৰ অসমৰ এখন বিদ্যালয়ে এই বিশেষ প্ৰচেষ্টাৰ অংশীদাৰ হৈছে। উল্লেখযোগ্য যে  চকৰ্দো দেশভক্ত তৰুণৰাম ফুকন মধ্য ইংৰাজী বিদ্যালয় নামৰ বিদ্যালয়খনে প্ৰতিজন ছাত্র-ছাত্রী শিক্ষক শিক্ষয়ত্ৰী তথা বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যৰ নামত একোটাকৈ গছ পুলি ৰোপন কৰা কাৰ্য্যত ব্ৰতী আছে।

IMG-20170425-WA0062

এই সম্পৰ্কে কথা পাতিছিলো বিদ্যালয়ৰ প্ৰধান শিক্ষক ভূপেন্দ্ৰ চন্দ্ৰ ঠাকুৰীয়াৰ লগত। তেখেতে আমাক এনেদৰে জানিবলৈ দিয়ে… ২০১৪ চনৰ কথা। আমাৰ বিদ্যালয়খন যিহেতু দীপৰ বিলৰ সমীপত অৱস্থিত, সেয়েহে আন্তঃৰাষ্ট্ৰীয় সংগঠন World Wildlife foundation য়ে আমাৰ বিদ্যালয়খনক আদৰ্শ বিদ্যালয় হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা হাতত লৈছে। আৰু তাৰেই সহযোগত ২০১৪ চনৰ পৰা বিদ্যালয়ৰ প্ৰতিজন ছাত্র-ছাত্রীৰ নামত শিক্ষক শিক্ষয়ত্ৰী নামত অথবা বিদ্যালয় পৰিচালনা সমিতিৰ  সদস্যৰ নামত ফলমূলৰ অথবা নাহৰৰ গছ ৰোপনৰ কাম আৰম্ভ কৰিছো।

IMG-20170425-WA0060

স্মৰ্তব্য যে মহানগৰীৰ একেবাৰে সমীপত থকা দীপৰ বিলৰ সংৰক্ষণৰ আৰু জনসজাগতাৰ বাবে এই বিদ্যালয়খনে, বিভিন্ন কাৰ্যসূচী গ্রহণ কৰি আহিছে।কেৱল গছপুলি ৰোপনেই নহয়, কিদৰে প্ৰতিপালন কৰিব লাগে সেই সম্পৰ্কে বিদ্যালয়খনত শিকোৱা হয়। গছৰ গুৰিত দিব পৰাকৈ পচন সাৰ প্রস্তুত কৰা হয় বিদ্যালয়খনতে। পাঠদান শেষ হোৱাৰ পাছত প্ৰতিজন শিক্ষাৰ্থিয়ে গছপুলি প্ৰতিপালনৰ কামত নিয়োজিত হোৱা দেখা যায়। বিশেষকৈ গছপুলি ডাঙৰ কৰিব পাৰিলে বিদ্যালয়ৰ ফালৰ পৰা পৰীক্ষাত বিশেষ নম্বৰ দিয়া ব্যৱস্থা আছে।

IMG-20170425-WA0063

পৰিবেশ সংৰক্ষণৰ ক্ষেত্ৰত গুৰু দায়িত্ব বহন কৰা এই বিদ্যালয়ে সেয়েহে আজি সংবাদ শীৰ্ষ শিৰোনাম হ’বলৈ সক্ষম হৈছে আৰু ইতিবাচক খবৰৰ শিতানত nefocus.com ত স্থান পাইছে।

IMG-20170425-WA0058

প্রিয় পাঠক, এনেধৰণৰ শুভকামৰ আপুনিও যদি অংশীদাৰ তেনেহ’লে আমাক জনাবলৈ নাপাহৰিব। আমাৰ ই-মেইল [email protected] আহকচোন, আমি সংকল্প লও যে একোটা বিশেষ দিনত অন্ততঃ পৰিয়ালৰ প্ৰতিজন সদস্যই গছ পুলি ৰোপন কৰো, ধৰণীখন সেউজীয়া কৰি ৰাখো।

Leave A Reply

Your email address will not be published.