পৰ্যটনস্থলী হিচাপে পলাশবাৰী বাঘেশ্বীৰ থানক পৰিণত কৰাৰ বাবে ৰাজ্য চৰকাৰক আহ্বান জনাব বিধায়ক হেমাংগ ঠাকুৰীয়াই

0 248

ৰাজ্য চৰকাৰে বিগত বৰ্ষত ‘অসম দৰ্শন’ আঁচনিৰ জড়িয়তে বিভিন্ন মঠ-মন্দিৰত আৰ্থিক অনুদান আগবঢ়াইছে। ইয়াৰে অংশ হিচাপে আজি পলাশবাৰী সোণতলাস্থিত ঐতিহ্যমণ্ডিত বাঘেশ্বৰী থানত “অসম দৰ্শন” আঁচনিৰ অধীনত দহ লক্ষধিক টকাৰে ব্যয় সাপক্ষে নৱ-নিৰ্মিত এটি অতিথিশালা গৃহৰ শুভ-উদ্বোধন কৰে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই। উদ্বোধন কৰি বিধায়গৰাকীয়ে এই অতিথিশালা গৃহৰ জড়িয়তে অঞ্চলটোৰ ৰাইজৰ বহুদিনীয়া অভাৱ পূৰণ হোৱাৰ লগতে বাঘেশ্বৰী থানখনত বহু পৰ্যটক আহি পৰিদৰ্শন কৰে। উক্ত থানখনক পৰ্যটনস্থলী হিচাপে পৰিণত কৰাৰ বাবে ৰাজ্য চৰকাৰক আহ্বান জনাব। ইয়াৰ উপৰি উক্ত পীঠখনত বিশুদ্ধ খোৱা পানীৰ সমস্যা আছে। ইয়াৰ বাবে বিধায়ক ঠাকুৰীয়াই বিভাগীক কৰ্তৃপক্ষৰ লগত আলোচনা কৰি অতি শীঘ্ৰে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰে বিধায়ক গৰাকীয়ে। বাঘেশ্বৰী পীঠ পৰিচালনা সমিতিৰ সম্পাদকদ্বয় নীৰেন মালী, বাপুকণ বড়োয়ে আ‍ঁতধৰা অনুষ্ঠানত সভাপতি অনন্ত ৰাম নাথ, মালিয়াতা আঞ্চলিক পঞ্চায়তৰ সভাপতি বিকাশ বড়ো, ছয়ানী-বৰদুৱাৰ উন্নয়ণ খণ্ডৰ কণিষ্ঠ অভিযন্তা সীমান্ত কলিতা, পলাশবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জীৱেন্দ্ৰ বহ্মা, ৰাণী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া টুবুল বড়ো আদিকে ধৰি অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.